অপ্টিকেল ভ্ৰমৰ দ্বাৰা সামাজিক মাধ্যম ব্যৱহাৰকাৰীক হতবাক কৰা নৃত্যশিল্পীগৰাকী

নৃত্যশিল্পীগৰাকীয়ে ভিডিঅ'টোত নিজে ভুমুকি মাৰিছে। ইতিমধ্যে ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অপ্টিকেল ভ্ৰমৰ দ্বাৰা সামাজিক মাধ্যম ব্যৱহাৰকাৰীক হতবাক কৰা নৃত্যশিল্পীগৰাকী
Published on: 

ইনষ্টাগ্ৰামত কিড দ্য ৱিজ নামেৰে এগৰাকী নৃত্যশিল্পী আৰু সংগীত প্ৰযোজকে  এটা চূড়ান্ত দৃষ্টি বিভ্ৰাত (অপ্টিকেল ইল্যুছন) থকা এটা নৃত্যৰ ভিডিঅ' আপলোড কৰি বহুতকে হতবাক কৰিছে।  নৃত্যশিল্পীগৰাকীয়ে  ভিডিঅ'টোত নিজে ভুমুকি মাৰিছে।  ইতিমধ্যে ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ভিডিঅ'টোত শিল্পীগৰাকীয়ে এযোৰ বিচিত্ৰ শ্বৰ্টছ আৰু টুপীৰ সৈতে টি-চাৰ্ট পিন্ধিছে । ভিডিঅ'টোত তেওঁক এনে লাগিছে যেন তেওঁ স্পষ্টভাৱে আনন্দ কৰি আছে। অৱশ্যে যেতিয়া তেওঁ  ষ্টাণ্ট প্ৰদৰ্শন কৰে, ভিডিঅ'টোৰ আকৰ্ষণীয় অংশটো কেৱল মহান নৃত্যই নহয় কিন্তু ইয়াত থকা উন্মাদ অপ্টিকেল ভ্ৰম আছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com