মোহময়ী কেটৰিনাক জন্মদিনত অগনন অনুৰাগীৰ শুভেচ্ছা

সপোনপুৰী বলিউডৰ বহিৰাগতৰূপে খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে মডেলিঙৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলে।
মোহময়ী কেটৰিনাক জন্মদিনত অগনন অনুৰাগীৰ শুভেচ্ছা
Published on

আজি শুভেচ্ছাৰে অভিনেত্ৰী কেটৰিনা কাইফক উপচাই পেলালে অগনন অনুৰাগীয়ে। আজি মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিন। সপোনপুৰী বলিউডৰ বহিৰাগতৰূপে খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে মডেলিঙৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলে। বলিউডত খোজ পেলোৱাৰ সময়ত হিন্দী ভালদৰে ক'ব নোৱৰা কেটৰিনাই অনেক দুঃখ-কষ্ট স্বীকাৰৰ পাছত আজিৰ এই অৱস্থাত উপনীত হৈছে। বহুকেইখন বিপুল জনপ্ৰিয় ছবিত অভিনয় কৰা কেটৰিনাই নিজৰ সীমাৱদ্ধতাৰ কথা ভালদৰেই অনুৰোধ কৰে। তেওঁ পিতৃ মহম্মদ কাইফ কাশ্মিৰী মুছলমান হ'লেও তেওঁ ব্ৰিটেইনৰ নাগৰিক। কেটৰিনাৰ মাতৃ ছুছান ব্ৰিটিছ। কেটৰিনা অভিনীত কেইখনমান জনপ্ৰিয় ছবি হৈছে 'ৰাজনীতি', ' নমস্তে লণ্ডন', 'অপনে' আদি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com