মাতৃ তনুজাৰ ৭৮ সংখ্যক জন্মদিন উদযাপন কাজল-তানিশাৰ

তনুজাই শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰে।
মাতৃ তনুজাৰ ৭৮ সংখ্যক জন্মদিন উদযাপন  কাজল-তানিশাৰ
Published on

বৃহস্পতিবাৰে কাজল আৰু তেওঁৰ ভগ্নী তানিশা মুখাৰ্জীয়ে তেওঁলোকৰ মাতৃ তনুজাৰ সৈতে তেওঁৰ ৭৮সংখ্যক জন্মদিন পালন কৰে। এই উপলক্ষ্য়ে তিনিওৱে একেলগে নৈশ আহাৰ গ্ৰহণ কৰে। 

কাজলে তেওঁৰ মাতৃৰ জন্মদিন উপলক্ষে তেওঁৰ ইনষ্টাগ্ৰামত এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰি  লিখে, "মোৰ জীৱনৰ প্ৰকৃত  আশ্চৰ্যজনক মহিলা। জীৱন প্ৰশিক্ষক আৰু মোৰ আটাইতকৈ ভাল বন্ধুলৈ চীয়াৰলিডাৰ। তোমাৰ ছোৱালী হোৱাৰ বাবে ভাগ্যৱান। মই তোমাক ভাল পাওঁ মা। শুভ জন্মদিন।" তেওঁ আন এখন ফটোও শ্বেয়াৰ কৰিছিল, য'ত তেওঁ আৰু তানিশাই তেওঁলোকৰ মাজত বহি থকা তেওঁলোকৰ মাতৃক গালত চুম্বন কৰি আছে। ছবিখনৰ শিৰোনাম দিছিল, "শুভ জন্মদিন...। উদযাপন অব্যাহত আছে... ।"

আনহাতে, তানিশাই নৈশ আহাৰৰ নিশাৰ এখন আকৰ্ষণীয় ছবিও শ্বেয়াৰ কৰি লিখিছিল ।

তনুজাই শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ  ছবিলি (১৯৬০)ৰ জৰিয়তে মুখ্য অভিনেত্ৰীৰূপে বলীউডত আত্মপ্ৰকাশ ঘটায়। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য হৈছে হমাৰি য়াদ আয়েগী । এই ছবিয়ে ১৯৬১ চনত মুক্তি পায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com