মণীষ মালহোত্ৰাৰ পৰম্পৰাগত শৈলীৰ লেহেঙ্গাত কইনাৰ ৰূপত কৃতি ছানন

কৃতিয়ে পৰিধান কৰা লেহেঙ্গাৰ নিচিনা লেহেঙ্গাই প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষণ কৰি আহিছে।
মণীষ মালহোত্ৰাৰ পৰম্পৰাগত শৈলীৰ লেহেঙ্গাত কইনাৰ ৰূপত কৃতি ছানন
Published on

এযোৰ পৰম্পৰাগত লেহেঙ্গাত মোহময়ীৰূপত কেমেৰাত ধৰা দিছে অভিনেত্ৰী কৃতি ছাননে। এই লেহেঙ্গা কইনাই পৰিধান কৰে। তেওঁ পৰিধান কৰা এই লেহেঙ্গাৰ আটকধুনীয়া ডিজাইন কৰিছে মণীষ মালহোত্ৰাই। ৰঙা লেহেঙ্গাযোৰে অভিনেত্ৰীগৰাকীক অপূৰ্ব সুন্দৰৰূপ দিছে।

ডিজাইনাৰ মালহোত্ৰাৰ ইনষ্টাগ্ৰাম পেজত কোৱা হৈছে যে কৃতিয়ে পৰিধান কৰা লেহেঙ্গাৰ নিচিনা লেহেঙ্গাই প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষণ কৰি আহিছে। ইয়াৰ লগত আধুনিক উপাদান সংযোগ কৰা হৈছে। বহুতে মন্তব্য কৰিছে যে কৃতিৰ এই ৰূপে নিশ্চিতভাৱে অবিবাহিতসকলৰ নিজৰ বিয়াৰ বাবে ৰঙা লেহেঙ্গা বাছনি কৰিবলৈ উদ্ধুদ্ধ কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com