বলিউডৰ ছবিত ভুমুকি তলিউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যৰ

তেওঁৰ অভিনয়ে আমিৰক মুগ্ধ কৰিছিল আৰু তেওঁ ধাৰণা কৰে যে নাগা চৈতন্য ছবিখনৰ এটি বিশেষ চৰিত্ৰত খুব ভালদৰে খাপ খাই পৰিব।
বলিউডৰ ছবিত ভুমুকি  তলিউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যৰ
Published on: 


তলিউডৰ ছবিজগতৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যক দেখিবলৈ পোৱা যাব আমিৰ খানৰ সৈতে বলিউডৰ নতুন ছবি "লাল সিং চদ্দা"ত। শেহতীয়াভাবে এটি সাক্ষাৎকাৰত অভিনেতাজনে প্ৰকাশ কৰে যে বলিউডত খোজ দিয়াটো তেওঁৰ বাবে একেবাৰে অপৰিকল্পনীয় কথা আছিল।

অভিনেতাজনে লগতে কয় যে মেগাষ্টাৰ আমিৰৰ  সৈতে এখন ছবিত কাম কৰাৰ কথা কোনেও পৰিকল্পনা কৰিব নোৱাৰে আৰু "লাল সিং চদ্দা" বিনা কোনো পৰিকল্পনাৰে ঘটিছিল। এই সুবিধা পোৱাৰ বিষয়ে অভিনেতাজনে বহলাই কয় যে তেওঁলৈ আমিৰ খানৰ পৰা এটা ফোনকল আহিছিল, আৰু তাতেই উল্লিখিত ছবিখনৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিছিল। তাৰ পাছতেই তেওঁ মুম্বাই অভিমুখী হৈছিল ।  এটি অন্তিম আলোচনাৰ বাবে আৰু তাৰ পাছতেই সকলো "লাল সিং চদ্দা"ৰ নিৰ্মাণ কামত নামি পৰিছিল। তেওঁ জনায় যে আমিৰ খানে অভিনেতা চৈতন্যৰ কিছু ছবি চাইছিল ।  তেওঁৰ অভিনয়ে আমিৰক মুগ্ধ কৰিছিল আৰু তেওঁ ধাৰণা কৰে যে নাগা চৈতন্য ছবিখনৰ এটি বিশেষ চৰিত্ৰত খুব ভালদৰে খাপ খাই পৰিব।

খবৰ অনুসৰি চৈতন্যই ছবিখনত আমিৰ খানৰ বন্ধুৰ ভূমিকা আদায় কৰিব। আদ্বেইত চন্দনৰ নিৰ্দেশিত এই ছবি হলিউডৰ ছবি "ফৰেষ্ট গাম্প"ৰ কাহিনীৰ আধাৰত পুনঃ নিৰ্মিত কৰা হ'ব। ছবিখনত আমিৰ খানৰ বিপৰীতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী কৰীণা কাপুৰক আৰু এই ছবিয়ে ছবিগৃহত মুকলি লাভ কৰিব অহা ডিচেম্বৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com