অৰ্ণব গোস্বামীক শ্লেষপূৰ্ণ সমালোচনাৰে ৰাম গোপাল বাৰ্মাৰ নতুন ছবি!

তেওঁক এইক্ষেত্ৰত সহায় কৰিছে অভিনেত্ৰী কংগনা ৰানাৱতে। দুয়োজনে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে বলিউডৰ মাফিয়াৰ বিৰুদ্ধে।
অৰ্ণব গোস্বামীক শ্লেষপূৰ্ণ সমালোচনাৰে ৰাম গোপাল বাৰ্মাৰ নতুন ছবি!
Published on

বিশিষ্ট সাংবাদিক তথা অসম সন্তান অৰ্ণব গোস্বামীক শ্লেষপূৰ্ণ সমালোচনাৰে এখন নতুন ছবি নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে বলিউডৰ বিতৰ্কিত নিৰ্মাতা-পৰিচালক ৰামা গোপাল বাৰ্মাই। স্বাভাৱিকতে বাৰ্মাৰ এই ঘোষণাই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। পৰিচালক বাৰ্মাই ঘোষণা কৰা অনুসৰি সাংবাদিক গোস্বামীক লৈ নিৰ্মাণ কৰিবলৈ লোৱা তেওঁৰ নতুন ছবিখনৰ নাম "অৰ্ণবঃ দ্য নিউজ প্ৰষ্টিটিউট" হ'ব।

উল্লেখ্য যে সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাক লৈ সৰৱ হৈ আছে সাংবাদিক গোস্বামী। তেওঁক এইক্ষেত্ৰত সহায় কৰিছে অভিনেত্ৰী কংগনা ৰানাৱতে। দুয়োজনে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে বলিউডৰ মাফিয়াৰ বিৰুদ্ধে। এনে সময়তে ছবি নিৰ্মাতা-পৰিচালক বাৰ্মাই কৰা এই ঘোষণাই তাতপৰ্য বহন কৰিছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com