ৰণবীৰ কাপুৰ আৰু তেওঁৰ দ্বাৰা প্ৰত্যাখিত কিছু ছুপাৰহিট ছবি

নিজৰ সকলো ছবিতে ৰূপায়ন কৰা চৰিত্ৰ দক্ষতাৰে অতি সহজে ফুটাই তোলে অভিনেতাগৰাকীয়ে।
ৰণবীৰ কাপুৰ আৰু তেওঁৰ দ্বাৰা প্ৰত্যাখিত কিছু ছুপাৰহিট ছবি

ৰণবীৰ কাপুৰ যে বলিউড জগতৰ অন্য এক সৰ্ব গুণসম্প্ন্ন অভিনেতা, সেই কথা বিনাদ্বিধাই কব পাৰি। "ৰকষ্টাৰ" ছবিত এগৰাকী কণ্ঠশিল্পী, "সঞ্জু"ত অভিনেতা সঞ্জয় দত্তক জীৱন্ত ৰূপ দিয়াৰ পৰা, নিজৰ সকলো ছবিতে ৰূপায়ন কৰা চৰিত্ৰ দক্ষতাৰে অতি সহজে ফুটাই তোলে অভিনেতাগৰাকীয়ে। কিন্তু তেওঁৰ জীৱনটো এনে কিছু ছবি আছে যাৰ চৰিত্ৰ সমূহে অভিনেতা গৰাকীক বিশেষ ভাৱে আকৃষ্ট কৰাত অসমৰ্থ হৈছিল কিন্তু পৰবৰ্তী সময়ত এই ছবিসমূহ ৰূপালী জগতৰ অন্যতম চুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল।

১. বেণ্ড বাজা বাৰাট :

বেণ্ড বাজা বাৰাট ছবিৰ জৰিয়তে বলিউডত ভুমুকি মাৰিছিল বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে। কিন্তু বহুতো লোকে নাজানে যে প্ৰথম অৱস্থাত এই ছবিৰ মুখ্য চৰিত্ৰত বাবে নিৰ্মাতা সকলে ৰণবীৰ কাপুৰক বাছনি কৰিছিল, কিন্তু কিছু কাৰণবশতঃ অভিনেতা গৰাকীয়ে এই ছবি নাকচ কৰিছিল, আৰু তাৰ পাছতেই এগৰাকী নৱ অভিনেতা ৰণবীৰ সিঙে এই ছবিত কাম কৰাৰ সূহুজ লাভ কৰিছিল। যাৰ বাবে পৰবৰ্তী সময়ত দৰ্শকৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকী।

২. গল্লী বয় :

জয়া আখটাৰ নিৰ্মিত ছবি "গল্লী বয়"ৰ এটি অংশ ৰণবীৰ কাপুৰক কৰাৰ সপোন দেখিছিল নিৰ্মাতা গৰাকীয়ে, আৰু সেই অনুসৰি ছবিখনৰ প্ৰস্তাৱ পঠাইছিল অভিনেতা গৰাকীলৈ। কিন্তু ৰণবীৰ সিংৰ নামেৰে জনপ্ৰিয় হোৱা ছবিখনত এটি সৰু ভূমিকা আদায় কৰিবলৈ অমান্তি হয় অভিনেতা গৰাকী। যাৰ বাবে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে কাপুৰে।

৩. দিল্লী বেলী :

খবৰ অনুসৰি বলিউড জগতৰ সকলো কনিষ্ঠ অভিনেতা লৈ উক্ত ছবিৰ খনৰ মুখ্য চৰিত্ৰটিৰ প্ৰস্তাৱ পঠোৱা হৈছিল, আনকি ৰণবীৰ কাপুৰলৈও। কিন্তু বহুতৰ প্ৰত্যাখ্যানৰ পাছত অৱশেষত এই চৰিত্ৰ আমিৰ খানৰ ভতিজা ইমৰান খানক দিয়া হয়।

৪. জিন্দেগী না মিলেগী দুবাৰা :

জয়া আখটাৰ নিৰ্দেশিত "জিন্দেগী না মিলেগী দুবাৰা" বলিউডৰ অন্যতম জনপ্ৰিয় ছবি। কিন্তু বৰ্তমান সকলোৰে প্ৰিয় এই চৰিত্ৰ সমূহ প্ৰথম অৱস্থাত নিৰ্দেশকৰ প্ৰিয় নাছিল। জানিব পৰ মতে ছবিখনৰ অন্যতম মুখ্য চৰিত্ৰ অৰ্জুন চলুজাৰ বাবে জয়া আখটাৰে প্ৰথমে ৰণবীৰ কাপুৰৰ কাষ চাপিছিল। কিন্তু সেই সময়ত ৰণবীৰ কাপুৰ উপলভ্য নোহোৱাৰ বাবে এই চৰিত্ৰ হৃতিক ৰশনক দিয়া হৈছিল।

৫. ২ ষ্টেটছ :

অভিষেক বৰ্মা নিৰ্মিত ছবি "২ষ্টেটছ" ৰ বাবে প্ৰথমে বহুতো অভিনেতাৰ কাষ চপা হৈছিল আনকি অভিনেতা ৰণবীৰ কাপুৰৰো কিন্তু অৱশেষত এই ছবি গৈছিল অৰ্জুন কাপুৰৰ হাতলৈ, যি তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য ছবি হৈ উঠিছিল।

৬. দিল ধড়কনে দো :

উক্ত ছবিখনৰ ভাতৃ - ভগ্নীৰ দুটি চৰিত্ৰ কবীৰ আৰু আয়েশা থাপৰৰ দুটি চৰিত্ৰৰ বাবে নিৰ্মাতা গৰাকীৰ প্ৰথম পছন্দ আছিল ৰণবীৰ কাপুৰ আৰু কৰীণা কাপুৰ। কিন্তু দুয়োৰে এই প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পাছত এই দুই চৰিত্ৰৰ বাবে বাচি উলিওৱা হয় প্ৰিয়ংকা চোপ্ৰা আৰু ৰণবীৰ সিঙক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com