বলিউদত পৰিচালকে মোৰ শৰীৰ বিচাৰিছিলঃ অভিনেত্ৰী ছ'ফিয়া হায়াত

এইগৰাকী অভিনেত্ৰীয়ে বলিউদৰ বহুচৰ্চিত স্বজন-তোষণ বা নিপ’টিজমৰ বিৰুদ্ধে সৰব হৈছে ৷
বলিউদত পৰিচালকে মোৰ শৰীৰ বিচাৰিছিলঃ অভিনেত্ৰী ছ'ফিয়া হায়াত

"মোৰ ওচৰলৈ কে'বাখনো ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ আহিছিল । দুখনমানত কাম আৰম্ভও কৰিছিলো ।কিন্তু কিছুদিনৰ পাছত ছবিৰ পৰিচালক আৰু একাংশ সহ অভিনেতাই অভব্য আচৰণ কৰিবলৈ ধৰে ৷ আনকি একাংশ পৰিচালকে মই শৰীৰ বিক্ৰী কৰাটো বিচাৰিছিল," এই মন্তব্য অভিনেত্ৰী ছ'ফিয়া হায়াতৰ। সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডৰ ছবিজগতত স্বজন-তোষণ চলি থকা বুলি একাংশ অভিনেতা-অভিনেত্ৰী সৰব হৈ উঠে। এইক্ষেত্ৰত শেহতীয়া সংযোজন হ'ল অভিনেত্ৰী ছ'ফিয়া। উল্লেখ্য যে জনপ্ৰিয় ৰিয়েলিটী শ্ব' "বিগ বছ'ত অভিনয় কৰি ছ'ফিয়াই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ সম্প্ৰতি এইগৰাকী অভিনেত্ৰীয়ে বলিউদৰ বহুচৰ্চিত স্বজন-তোষণ বা নিপ'টিজমৰ বিৰুদ্ধে সৰব হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com