নেটফ্লিক্সৰ "স্কুইড গেমছ"ৰ দৰ্শকৰ ব্যাপক সঁহাৰি অৰ্জন

নেটফ্লিক্সৰ "স্কুইড গেমছ"ৰ দৰ্শকৰ ব্যাপক সঁহাৰি অৰ্জন

শেহতীয়াভাবে অ'. টি. টি. প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰে দক্ষিণ কোৰিয়াত নিৰ্মিত এখনি আমোদজনক ধাৰাবাহিকে
Published on

শেহতীয়াকৈ মুকলি লাভ কৰা নেটফ্লিক্সৰ এখন ধাৰাবাহিক "স্কুইড গেমছ"য়ে সক্ষম হৈছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ।

বিধ্বংসী ক'ৰণাৰ আক্ৰমণৰ পাছৰে পৰা ছবিগৃহসমূহ অনিদিষ্ট কাললৈ বন্ধ ৰখাৰ ঘোষণা কৰাৰ পাছৰে পৰা অ'. টি. টি. প্লেটফৰ্মসমূহৰ চাহিদা দৰ্শকৰ মাজত প্ৰচুৰভাবে বৃদ্ধি পায়।  আৰু ঠিক তেনে এক পৰিস্থিতিৰ সম্পূৰ্ণ লাভ উঠাবলৈ সক্ষম হৈছে দেশ - বিদেশৰ ভিন্ন চলচ্চিত্ৰ নিৰ্মাতাসকলে। 

শেহতীয়াভাবে অ'. টি. টি. প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰে দক্ষিণ কোৰিয়াত নিৰ্মিত এখনি আমোদজনক ধাৰাবাহিকে। নাম - "স্কুইড গেমছ"। আৰু বৰ্তমানলৈকে  "স্কুইড গেমছ" হৈছে, নেটফ্লিক্সৰ জৰিয়তে মুক্তি পোৱা সবাতোকৈ দীঘল ধাৰাবাহিক। মুঠ ৯ টা খুন্দি যোৰা এই ধাৰাবাহিক খনত বহুতো লোকক ৪৫.৬বিলিয়ন পুৰস্কাৰৰ বাবে, সৰুকালৰ ভিন্ন খেল খেলা দেখিবলৈ পোৱা যায়, যিসমূহত হাৰাৰ পৰিণাম অতিকৈ ভয়াবহ। মুক্তিৰ ১মাহ সম্পূৰ্ণ নকৰোতেই "স্কুইড গেমছ" ধাৰাবাহিকে পৃথিৱীৰ প্ৰায় সকলো দেশৰ দৰ্শকৰ মাজত নিজৰ চাপ এৰিবলৈ সক্ষম হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com