সুশান্ত সিং ৰাজপুতৰ দিল বেচাৰাই অভিলেখ গঢ়িলে

ছবিখনৰ কাহিনীৰ ভিত্তি হৈছে জন গ্ৰীণৰ গ্ৰন্থ ' দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ'।
সুশান্ত সিং ৰাজপুতৰ দিল বেচাৰাই অভিলেখ গঢ়িলে
Published on: 

বলিউডৰ ইতিহাসত অন্যতম কৰুণ চৰিত্ৰৰূপে চিহ্নিত হৈ ৰব লগা প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ কেৰিয়াৰৰ অন্তিমখন ছবিখন টপ ৰেটেড ছবিত পৰিণত হৈছে। এনেদৰে দিল বেচাৰাই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে IMDbৰ টপ ৰেটেড অন্তিমখন ভাৰতীয় ছবি আছিল কমল হাছান আৰু আৰ মাধৱনৰ ২০০৩ বৰ্ষৰ তামিল ছবি আনবে শিৱম ।

অৱশ্যে দিল বেচেৰা-ই সৰ্বকালৰ অভিলেখ ভংগ কৰি লাভ কৰা এই IMDbৰ ৰেটিঙক একাংশই সমালোচনা কৰিছে।

সমালোচকসকলে আৱেগৰ ঢলেৰে ছবিৰ ৰেটিং কেনেকৈ নিৰ্ণয় কৰিব পাৰি বুলিও মন্তব্য কৰিছে।কৰ্কটৰ নাগপাশৰ মাজত এহাল যুৱ দম্পতীয়ে আশাৰ নেহেৰুৱাটো হৈছে ছবিখনৰ কাহিনী। ছবিখনৰ কাহিনীৰ ভিত্তি হৈছে জন গ্ৰীণৰ গ্ৰন্থ ' দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ'। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com