ইউটিউবত ২৫০ নিযুতলৈ বৃদ্ধি "ডীয়াৰ কমৰেড"ৰ হিন্দী ডাবিঙৰ ভিউজৰ সংখ্যা

শীঘ্ৰেই "মিছন মজনু"ৰ শীৰ্ষক ছবিৰ জৰিয়তে ৰশ্মিকাই বলীউডত আত্মপ্ৰকাশ কৰিব।
ইউটিউবত ২৫০ নিযুতলৈ বৃদ্ধি "ডীয়াৰ কমৰেড"ৰ হিন্দী ডাবিঙৰ ভিউজৰ সংখ্যা
Published on

তামিল চিনেমা "ডীয়াৰ কমৰেড"-এ অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ পৰা প্ৰচুৰ ইতিবাচক সঁহাৰি লাভ কৰিছে ৷ কাজেই অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে । বিজয় দেৱেৰাকোণ্ডা অভিনীত তেলেগু ব্লক-ব্লাষ্টাৰ ছবি "ডীয়াৰ কমৰেড"ৰ হিন্দী ডাবিং সংস্কৰণৰ ইউটিউবৰ দৰ্শনী(ভিউজ)-ৰ সংখ্যাই ২৫০ নিযুতৰ ঘৰ অতিক্ৰম কৰিছে। ইয়াক লৈ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ৰশ্মিকা মান্দন্না উৎফুল্লিত হৈ পৰিছে । এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়, " ছবিখনৰ হিন্দী ডাবিং কৰা সংস্কৰণটোৱে ইউটিউবত ২৫০ নিযুত দৰ্শনী (ভিউজ)-ক অতিক্ৰম কৰাটো কোনো আচৰিত কথা নহয় ৷ কাৰণ মই ভাবো ছবিখন প্ৰকৃততে ইয়াৰ যোগ্য।

সমগ্ৰ দেশৰ দৰ্শকসকলে ছবিখনৰ প্ৰতি  মৰম দেখুৱাটো কৰাটো মোৰ বাবে অত্যন্ত হৃদয়স্পৰ্শী। ডীয়ৰৰ কমৰেডে মোক বহুখিনি দিছে।"   লগতে ৰশ্মিকাই কয় যে ভাৰত কাম্মাৰ পৰিচালনাই সদায় তেওঁৰ হৃদয়স্পৰ্শ কৰি থাকিব৷ " ডীয়াৰ কমৰেডে মোৰ হৃদয়ত এটা বিশেষ স্থান লাভ কৰিছে । ছবিৰ প্ৰস্তুতি, দৰ্শক, শ্বুটিং প্ৰক্ৰিয়া, অভিজ্ঞতা মোৰ বাবে বহু বেছি অৰ্থ বহন কৰে ।

মই নাভাবো যে মই ইয়াক শব্দত প্ৰকাশ কৰিব পাৰিম",তেওঁ এইদৰে কয় ৷ উল্লেখ্য যে শীঘ্ৰেই "মিছন মজনু"ৰ শীৰ্ষক ছবিৰ জৰিয়তে ৰশ্মিকাই বলীউডত আত্মপ্ৰকাশ কৰিব। লগতে অভিনেত্ৰীগৰাকীক অমিতাভ বচ্চন অভিনীত "গুডবাই"তো দেখিবলৈ পোৱা যাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com