২ ছেপ্টেম্বৰত মুক্তি পাব উৎপল বৰপূজাৰীৰ " মেম'ৰীজ অৱ এ ফৰগটেন ৱাৰ"-এ

৭৫বছৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ দিনটোতে বৰপূজাৰীৰ এই তথ্যচিত্ৰই মুক্তি লাভ কৰিব৷
২ ছেপ্টেম্বৰত মুক্তি পাব উৎপল বৰপূজাৰীৰ " মেম'ৰীজ অৱ  এ ফৰগটেন ৱাৰ"-এ

অহা ২ ছেপ্টেম্বৰত মুক্তি পাব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিক উৎপল বৰপূজাৰীৰ "মেম'ৰীজ অৱ এ ফৰগটেন ৱাৰ"-শীৰ্ষক তথ্যচিত্ৰই ৷ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই তথ্যচিত্ৰ উক্ত দিনা অনলাইনত মুক্তি দিয়া হ'ব ৷ তথ্যচিত্ৰখনিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ-পূববাসী আৰু সামৰিক বাহিনীৰ অভিজ্ঞতা সংকলিত হৈছে ৷

এটা আন্তৰ্জাতিক কলা-কুশলীৰ দলে তিনি বছৰ ধৰি তথ্যচিত্ৰখনিৰ চিত্ৰগ্ৰহণ কৰে ৷ চিত্ৰগ্ৰহণ মণিপুৰ, নগালেণ্ড, মিজোৰাম আদিৰ কেতবোৰ ভিতৰুৱা অঞ্চলৰ লগতে দিল্লী, জাপান আৰু গ্ৰেট বৃটেইনত কৰা হৈছে ৷ তথ্যচিত্ৰখনিৰ প্ৰযোজনা কৰিছে প্ৰখ্যাত চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞ সুবিমল ভট্টাচাৰ্যই জুকট' শীৰ্ষক বেনাৰত৷ ৭৫বছৰ পূৰ্বে ১৯৪৫ত দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ দিনটোতে বৰপূজাৰীৰ এই তথ্যচিত্ৰই মুক্তি লাভ কৰিব৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com