আৰয়ান-আব্ৰাহমৰ মৰমলগা ফটোক লৈ শ্বাহৰুখ খানৰ প্ৰতিক্ৰিয়া

আৰয়ান-আব্ৰাহমৰ মৰমলগা ফটোক লৈ শ্বাহৰুখ খানৰ প্ৰতিক্ৰিয়া

তাৰ লগতে মাতৃ গৌৰী খানে লিখিছে "দুই ল'ৰাৰ ৰাতিৰ পৰিকল্পনা"।
Published on

অলপতে গৌৰী খানে  ইনষ্টাগ্ৰামৰ যোগেদি দুই পুত্ৰ আৰয়ান আৰু আব্ৰাহমৰ এখনি মৰমলগা ফটো শ্বেয়াৰ কৰে। ইয়াৰ ক্ষন্তেক পাছতে ফটোখন সমগ্ৰ ইণ্টাৰনেট জগততে জনপ্ৰিয় হৈ পৰে।

উক্ত ফটোত আব্ৰাহমক ককায়েক আৰয়ানৰ কোলাত বহি থকা পৰিলক্ষিত হৈছে । তাৰ লগতে মাতৃ গৌৰী খানে লিখিছে "দুই ল'ৰাৰ ৰাতিৰ পৰিকল্পনা"।

ফটোখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে "পাঠান" ছবিৰ চিত্ৰগ্ৰহণত ব্যস্ত অভিনেতা শ্বাহৰুখ খানৰ এটি সুকীয়া কমেণ্টে, য'ত তেওঁ লিখিছে, " খেলবোৰ হৈছে সকলোকে একেলগে ধৰি ৰখাৰ এক নতুন উপায়, ভাতৃ যি খেলে একেলগে, থাকে একেলগে"।

কৰ্ম ক্ষেত্ৰত বৰ্তমান অভিনেতা গৰাকী ব্যস্ত তেওঁৰ নতুন ছবি পাঠানৰ চিত্ৰগ্ৰহণত। ছবিখনত শ্বাহৰুখৰ বিপৰীতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাদুকণক। আৰু দেখিবলৈ পোৱা যাব জন আব্ৰাহমক এটি গুৰুত্বপূৰ্ণ ভূমিকাত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com