কোন এই ছাবা আজাদ ? হৃত্বিক ৰোচনৰ সৈতে দেখা ৰহস্যময়ী নাৰীৰ সন্ধানত

সম্প্ৰতি ৩২ বছৰীয়া ছাবাই ২০০৮-ত " দিল কাবাডী" ছবিৰ জৰিয়তে বলিউডত অভিষেক ঘটায় ৷
কোন এই ছাবা আজাদ ? হৃত্বিক ৰোচনৰ সৈতে দেখা ৰহস্যময়ী নাৰীৰ সন্ধানত

প্ৰায় ৮ বছৰ পূৰ্বে ২০১৪-ত হৃত্বিক ৰোচন আৰু তেওঁৰ পত্নী ছুচানে বিবাহ বিচ্ছেদ ঘটায়। তেতিয়ালৈ দুয়ো দুটি সন্তানৰ পিতৃত্ব-মাতৃত্ব অৰ্জন কৰে ৷ বিচ্ছেদকলৈ দুয়োৱে কোনো হৈ হাল্লা কৰা নাছিল। বিচ্ছেদৰ পাছত দুয়ো নীৰৱে নিজৰ পথ লয়। কিন্তু তাৰ মাজতে প্ৰচাৰ চলে যে ছুজানে আৰ্ছলান গ'নিৰ সৈতে ডেটিঙত যাবলৈ লৈছে ৷ ইয়াৰ বিপৰীতে হৃত্বিকে প্ৰেম-প্ৰীতিকলৈ সম্পূৰ্ণ মুখ বন্ধ কৰি ৰাখে ৷

শেহতীয়াভাবে হৃত্বিকক ছাবা আজাদ নামৰ এগৰাকী ৰহস্যময়ী যুৱতীৰ লগত একেলগে দেখা যায় ৷ গুজৱৰ সৃষ্টি হৈছে যে দুয়োৱে ডেটিং কৰি আছে ৷ মুম্বাইৰ এখন ৰেস্তোঁৰাৰ পৰা নৈশ আহাৰ গ্ৰহণ কৰি একেলগে ওলাই অহাৰ সময়ত দুয়ো ফটো সাংবাদিকৰ কেমেৰাত বন্দী হয় ৷

কোন এই ছাবা আজাদ ?

হৃত্বিক ৰোচনৰ সৈতে একেলগে দেখা পোৱা ছাবা আজাদ হৈছে এগৰাকী অভিনেত্ৰী ৷ সম্প্ৰতি ৩২ বছৰীয়া ছাবাই ২০০৮-ত " দিল কাবাডী" ছবিৰ জৰিয়তে বলিউডত অভিষেক ঘটায় ৷ ২০১১ত মুক্তি পোৱা " মুঝে ফ্ৰেইণ্ডশ্বিপ কৰোগী" হৈছে তেওঁৰ দ্বিতীয়খন ছবি ৷ এই ছবিত তেওঁ ছাকিব ছালিমৰ বিপৰীতে অভিনয় কৰে ৷ বলিউডত অভিষেক ঘটোৱাৰ পাছৰ পৰা ছাবাই বৰ্তমানলৈ পাঁচখন ছবিত অভিনয় কৰিছে ৷ তেওঁৰ পঞ্চমখন ছবি হৈছে " ফীলছ লাইক ইছক" ৷ ২০২১-ত এই ছবিয়ে মুক্তি পায় ৷ ইনষ্টাগ্ৰামত ছাবাৰ ৮১.৭ হেজাৰ ফল'ৱাৰ আছে ৷

হৃত্বিকৰ লগত ছাবাৰ ডেটিংঃ

হৃত্বিকৰ সৈতে ছাবাক প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছে ৷ দুয়োৰে এই ডেটিঙৰ বাতৰি বলিউড হাংগামাই প্ৰকাশ কৰে ৷ ইয়াক লৈ দুয়ো পূৰ্ণ চৰ্চাৰ মাজত আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com