১.৬ লাখ টকীয়া বেনাৰসী শাৰীত অপূৰ্ব ৰূপত অভিনেত্ৰী য়ামী গৌতম

য়ামী গৌতম তেওঁৰ আহিবলগীয়া ছবি ' ভূত পুলিচ'ৰ প্ৰচাৰত ব্যস্ত আছে ।
১.৬ লাখ টকীয়া বেনাৰসী শাৰীত অপূৰ্ব ৰূপত অভিনেত্ৰী য়ামী গৌতম
Published on: 

সম্প্ৰতি অভিনেত্ৰী য়ামী গৌতম তেওঁৰ আহিবলগীয়া ছবি ' ভূত পুলিচ'ৰ প্ৰচাৰত ব্যস্ত আছে । শেহতীয়াভাবে তেওঁ ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰে।  ছবিখনৰ প্ৰচাৰত অংশ লোৱাৰ বাবে তেওঁ দেশীয় সাজ বাছনি কৰে। সেয়েহে তেওঁ অবিশ্বাস্য ১.৬ লাখ টকা মূল্যৰ এখন ধুনীয়া ৰঙা বেনাৰাচী শাৰী বাছি পৰিধান কৰে। 

শাৰীখনত ডাঠ গোল্ডেন বৰ্ডাৰৰ সৈতে প্ৰকৃত সোণৰ জৰী ফুল অংকণ কৰা আছে। চিম্পল মেকআপ, ৰঙীন ওঁঠ, আনুষঙ্গিক সামগ্ৰীৰ সৈতে পৰিপাটি খোপাত য়ামীক আকৰ্ষণীয় লাগিছিল। য়ামীয়ে সোণৰ গহনা আৰু এটা ধুনীয়া পিস্তা সেউজীয়া ব্লাউজ পৰিধান কৰে।   শাৰীখনৰ মূল্য ১,৬২,৫০০ টকা আৰু ইকায়া ৱেবছাইটত এই শাৰী উপলব্ধ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com