অভিনতা অক্ষয় কুমাৰৰ ছবিয়ে গৰকিলে আদালতৰ মজিয়া: কিন্তু কিয়?

অভিনতা অক্ষয় কুমাৰৰ ছবিয়ে গৰকিলে আদালতৰ মজিয়া: কিন্তু কিয়?

ছবি জগতখনত গীত,সুৰ,কাহিনী নকল কৰা বিষয়টো নতুন কথা নহয় ৷ বলীউডেই হওক বা জলীউডেই হওক ৷প্ৰায়ে নকল কৰা বিষয়টোৱে শিৰোনামা দখল কৰি আহিছে ৷ শেহতীয়া কাহিনী নকল কৰাৰ অভিযোগ আহিছে বলীউডৰ এজন ছবি নিৰ্মাতা বিৰুদ্ধে ৷ নিৰ্মাতাজন হ’ল "নীৰজা" প্ৰযোজক অতুল কস্বেকৰ ৷

মিশ্যন মংগল"

নিৰ্মাতা কস্বেকৰৰ বিৰুদ্ধে নকল কৰাৰ অভিযোগ আনিছে আন এগৰাকী ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজে ৷ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী বিদ্যা বালানৰ মুক্তিৰ অপেক্ষাত থকা ছবি "মিশ্যন মংগল বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৷"মিশ্যন মংগল"ছবি খনৰ সন্দৰ্ভত নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে ছবিখনৰ কাহিনী নকল কৰা হৈছে ৷ লগতে এই সমগ্ৰ বিষয়টো আদালতত বিচাৰ কৰাৰ পোষকতা কৰে ৰাধা ভৰদ্বাজে৷

বিদ্যা বালান

লগতে "মিশ্যন মংগল" ছবিখনৰ বিষয়ে ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজে কয় যে মিশ্যন মংগলৰ কাহিনী প্ৰকৃততে তেওঁৰহে ৷ জনপ্ৰিয় তথা বহু কেইটা বটাঁৰে শিৰোনামা দখল কৰিবলৈ সক্ষম হোৱা "নীৰজা"ছবিখনৰ প্ৰযোজক অতুল কস্বেকৰক পূৰ্বতে ৰাধা ভৰদ্বাজে "মিশ্যন মংগল"ৰ কাহিনী শুনাইছিল ৷কিন্তু অতুল কস্বেকৰে নন ডিচক্ল’জাৰ এগ্ৰীমেন্ট উলংঘন কৰি সমগ্ৰ "মিশ্যন মংগল"ৰ কাহিনী বিদ্যা বালানক শুনালে ৷ ইয়াৰ পিছতে অভিনেতা অক্ষয় কুমাৰ আৰু ছবিখনত অভিনয় কৰা বাকী শিল্পী সকলও কাহিনী শুনি শ্বুটিঙ আৰম্ভ কৰি দিলে ৷

অন্যহাতে,ছবি নিৰ্মাতা ৰাধা ভৰদ্বাজ প্ৰায় দুবছৰৰ পূৰ্বে "মিশ্যন মংগল"ৰ কাহিনী লিখিছিল ৷আৰু ইউ এছ এৰ কপিৰাইট অফিচত মিশ্যন মংগল ছবি খনৰ সন্দৰ্ভত ৰেজিষ্টাৰো কৰিছিল। লগতে ইছৰো ও ৰাধা ভৰদ্বাজৰ কাহিনীটোক লৈ সন্মতি দিছিল ৷উল্লেখ্য যে, সম্প্ৰতি "মিশ্যন মংগল" ছবি খনৰ কাহিনী নকল কৰা বিষয়টোৱে আদালতৰ মজিয়া গৰকিছে ৷গতিকে চলচিত্ৰ প্ৰেমীসকলৰ অপেক্ষা মাথো আদালতৰ সিদ্ধান্তলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com