অসমীয়া ছবি “শৈশৱতে ধেমালিতে”য়ে ৮টাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম

অসমীয়া ছবি “শৈশৱতে ধেমালিতে”য়ে ৮টাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম
Published on

অসমীয়া ছবি "শৈশৱতে ধেমালিতে"ৰ বাবে দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ আৰু নকুল ভেইদে শ্ৰেষ্ঠ অভিনেতা খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।ছবি খন উপস্থাপন কৰা হব 'লাভ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত।

ছবি খনৰ নিৰ্দেশক হৈছে বিদ্যুৎ কটকী।ছবি খনে শ্ৰেষ্ঠ ফিচাৰ ছবি,শ্ৰেষ্ঠ নিৰ্দেশক,শ্ৰেষ্ঠ চিত্ৰনাট্য,,শ্ৰেষ্ঠ অভিনেতা,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ সহকাৰী অভিনেতা(ভিক্তৰ বেনাৰ্জী),শ্ৰেষ্ঠ চিত্ৰগ্ৰহনকাৰী(সত্য প্ৰকাশ ৰাথ),শ্ৰেষ্ঠ অংক(অনুৰাগ শইকীয়া) মুঠ ৮টাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়।

ছবি খন নিৰ্দেশক কটকীৰ জীৱনৰ ওপৰত আধাৰিত কৰি চেমি অটোবায়'গ্ৰাফিকেল হিচাপে ১৯৮০ চনৰ অসম আন্দোলনৰ সময়ত শিশু-কৈশোৰ সকলে কিদৰে মানসিক চাপ ভোগ কৰিছিল সেই কাহিণী আধাৰত ছবি খন নিৰ্মাণ কৰা হৈছে।

ছবি "শৈশৱতে ধেমালিতে" ইণ্ডিয়ান ষ্টৰিছে প্ৰস্তুত কৰা আৰু মুম্বাইৰ প্ৰডাক্টচন হাউছৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com