অস্কাৰ বিজয়ী গুনীত মংগালৈ শুভেচ্ছা বাৰ্তা বি টাউন চেলীব্ৰেট্টীৰ

অস্কাৰ বিজয়ী গুনীত মংগালৈ শুভেচ্ছা বাৰ্তা বি টাউন চেলীব্ৰেট্টীৰ

হলীউডত জিলিকি উঠিল ভাৰত। লছ এঞ্জেলিছত হোৱা ৯১ সংখ্যক একাডেমী পুৰস্কাৰ লাভ কৰিলে পিৰিয়ড এণ্ড অৱ ছেন্টেন্চ৷বেষ্ট ডকুমেন্টৰী পুৰস্কাৰ লাভ কৰা এই ছবিখনে ভাৰতৰ এটি সাধাৰণ বিষয়ক অসাধাৰণ ৰূপত উপস্থাপন কৰিলে ৷ছবিখনে অস্কাৰ পোৱাৰ পিছতে বলীউডৰ অভিনেতা প্ৰিয়াংকা চোপ্ৰা আৰু অক্ষয় কুমাৰে পৰিচালক গুনীত মংগোক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ৷ ।ছবিখনে অস্কাৰ পোৱাৰ পিছতে অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই এক টুইটাৰ যোগে ছবি খনৰ পৰিচালক গুনীত মংগোক শুভেচ্ছা প্ৰদান কৰে ৷ প্ৰিয়াংকাই গুনীত মংগোক উদ্দেশ্য কৰি টুইট কৰে যে, ছবি খনে কুৰীতি নীতি সমূহক প্ৰতিফলিত কৰিছে ৷ এই ক্ষণ আমাৰ কাৰণে যথেষ্ঠ উল্লেখনীয়। ছবিখনৰ সমগ্ৰ কলাকুশলী আৰু সাহসী গুনীতলৈ অলেখ শুভেচ্ছা ।

https://twitter.com/priyankachopra/status/1099919190343835648

ইফালে গুনীত মংগোৰ অন্য এখন ছবি মসানত অভিনয় কৰা বিক্কী কৌশলেও গুনীতক শুভেচ্ছা দিয়ে। লগতে পৰেশ ৰাৱল,সৰথ কুমাৰ,দেৱদত্ত পাটনায়কেও গুনীত আৰু ছবি খনৰ অন্যান্য কলা কুশলীসকলক শুভেচ্চা দিয়ে ৷

https://twitter.com/vickykaushal09/status/1099902490059763714

https://twitter.com/akshaykumar/status/1099926206030331904

https://twitter.com/SirPareshRawal/status/1099877017602781184

উল্লেখ্য যে,গুনীত মাংগোয়ে গেংছচ অফ ৱাচিপুৰ,ৱানচ অ’পেন এ টাইম ইন মুম্বাই আৰু দ্য লাঞ্চ বক্সৰ দৰে ছবিৰ সহনিৰ্মাতা আছিল ৷ইফালে ভাৰতীয় গাঁওৰ মহিলাসকলৰ মাজত সমস্যা হিচাপে থকা এটি বিষয় পিৰিয়ড এণ্ড অৱ ছেন্টেন্চ নামৰ ছবিখনে অস্কাৰ পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰে পৰিচালিকা ৰায়কা জেহতাবচী ৷

ভাৰতীয় প্ৰযোজক গুনীত মংগাৰ ছিখিয়া এন্টাৰটেইনমেন্টে প্ৰযোজনা কৰা এই ছবিখন অকৱুড স্কুল ইন লছ এঞ্জিলছৰ ছাত্ৰীসকল আৰু শিক্ষয়ত্ৰী মিলিছা বাৰ্টনেন আৰম্ভ কৰা দ্য পেড প্ৰজেক্টৰ অংশ আছিল ৷অস্কাৰ পোৱাৰ পিছতে যথেষ্ট আহ্লাদিত হৈ পৰে ৰায়কা জেহতাবাচী। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জেহতাবাচীয়ে কয় যে,মহিলাসকলৰ ঋতুস্ৰাৱৰ বিষয়টোক লৈ নিৰ্মাণ কৰা তথ্য চিত্ৰ খনে অস্কাৰ লাভ কৰিব যে পাৰে সেই কথা মোৰ বিশ্বাস হোৱা নাই ।

লগতে গুনীত মংগোৱে কয় যে এই অস্কাৰৰ জৰিয়তে আমাৰ জয় হৈছে ৷পৃথিৱীৰ প্ৰত্যেক গৰাকী মহিলাৰ জয় হৈছে ৷ অনুভৱ হৈছে যে স্বৰ্গত আছো ৷এই ছবি খনৰ দৃশ্যগ্ৰহণ হৈছিল দিল্লীৰ সমীপৱৰ্তী এখন গাঁৱত ৷এই গাঁৱৰ মহিলা সকলে ঋতুস্ৰাৱ সমস্যাক লৈ বহু সমস্যাত ভূগিছিল ।লগতে সামাজিক বাধাৰ কাৰণে সেই গাঁৱৰ মহিলাই ছেনিটেৰী নেপকিন ব্যৱহাৰ কৰিব পৰা নাছিল । ইয়াৰ কাৰণে বহু শাৰিৰীক অসুস্থতাৰ সন্মুখীন হৈছিল ৷কিন্তু গাঁৱখনত ছেনেটেৰী নেপকিন তৈয়াৰ কৰা মেচিন সংস্থাপন কৰা পিছতহে মহিলাসকলে জানিব পাৰে যে, কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰে ৷ইয়াৰ পিছতেই মহিলাসকলে ছেনিটেৰী নেপকিন নিজেই তৈয়াৰ কৰি ব্যৱহাৰ কৰে আৰু বিক্ৰী কৰে ৷আৰু সৃষ্টি হয় সজাগতাৰ ৷অন্যহাতে, ইয়াৰ আগতে ভাৰতৰ এ আৰ ৰহমান আৰু স্লামডগ মিলেনিয়াৰে অস্কাৰ বটাঁ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com