আকৌ বলীউডৰ ছবিত ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

আকৌ বলীউডৰ ছবিত  ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

বলীউডৰ অভিনেত্ৰী আৰু সদ্য বিবাহিত অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰনবীৰ কাপুৰ দুয়ো একেলগে ছবিত অভিনয় কৰাৰ প্ৰস্তুতি কৰিছে। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে অভিনয় কৰিব লগীয়া ছবিখন পৰিচালনা কৰিব অনুৰাগ বাসয়ে ৷

অনুৰাগ বাসুয়ে সম্প্ৰতি দুয়ো গৰাকী অভিনেতাৰ মতামতলৈ অপেক্ষা কৰি আছে ৷ ইফালে ৰনবীৰ কাপুৰে অনুৰাগ বাসুৰ জগ্গা জাছুছ আৰু বৰ্ফি ছবিত অভিনয় কৰিছিল ৷ কিন্তু দীপিকা পাডুকন প্ৰথমবাৰৰ কাৰণে অনুৰাগ বাসুৰ ছবিত অভিনয় কৰিব ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰক একেলগে শেষবাৰৰ কাৰণে ইমতিয়াজ আলীৰ তামাশা ছবিত দেখা গৈছিল।

সম্প্ৰতি ৰনবীৰ কাপুৰ আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে ৷ইয়াৰ বিপৰীতে ছ’পাক ছবিৰ ব্যস্ত আছে অভিনেত্ৰী দীপিকা পাডুকন ৷ উল্লেখ্য যে পূৰ্বতে ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু এই প্ৰেম বেছিদিন নাথাকিল ৷ৰনৱীৰ সিঙৰ লগত বিগত সময়ত বিবাহ হয় দীপিকা পাডুকনৰ ৷ আৰু বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ লগত আকৌ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ৰনবীৰ কাপুৰৰ৷

ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷

সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি “ব্ৰহ্মাস্ত্ৰ”ত একেলগে অভিনয় কৰিব ৷

অন্যহাতে আলিয়াৰ অনুভৱ হৈছে যে, অনুৰাগীসকলৰ আলিয়াৰ কামতকৈ ব্যক্তিগত জীৱনতহে বিশেষভাৱে দৃষ্টি দিছে ৷ আলিয়াই ৰনবীৰৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সততে কোনো ধৰণৰ মন্তব্য নকৰে । কিন্তু সম্প্ৰতি অনুৰাগী সকলৰ উৎসুক দূৰ কৰিবলৈ যেন মন্তব্য কৰে আলিয়াই ৷ৰনবীৰ কাপুৰৰ পূৰ্বতে বিশেষকৈ দীপিকা পাডুকনৰ লগত থকা সম্পৰ্কৰ কাৰণে বিশেষ চৰ্চা লাভ কৰিছিল ৷

শেহতীয়াকৈ দীপিকা পাডুকন ৰনৱীৰ সিঙৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ ইফালে আলিয়া ভট্টৰ নাম সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল বি টাউনত। শেহতীয়াকৈ ৰনৱীৰ আৰু আলিয়া ভট্ট প্ৰেমৰ সম্পৰ্কলৈ অহাৰ পিছতে আলিয়া আৰু দীপিকা বেষ্ট ফেণ্ড হৈ পৰে ৷ ইয়াৰ পিছত আলিয়া আৰু দীপিকাই কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান “কফী উইথ কৰণ”ত অংশ লয়। আৰু দুয়ো জীৱনৰ বিভিন্ন স্তৰ প্ৰেম,বিবাহ,ষ্টাৰডমৰ প্ৰসংগৰ কথা উল্লেখ কৰে “কফী উইথ কৰণ”ত । কিন্তু যিয়েই নহওক আলিয়া ৰনবীৰৰ অনুৰাগীয়ে বিছাৰে দৃঢ় হৈ ৰওক তেওঁলোকৰ সম্পৰ্ক ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com