এইবাৰ সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত বলীউডৰ দুই তাৰকাৰ সমাহাৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

এইবাৰ সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত বলীউডৰ দুই তাৰকাৰ সমাহাৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

সঞ্জয় লীলা ভাঞ্চলীৰ ছবিত এই বাৰ দেখা যাব ছলমান খান আৰু আলিয়া ভাট্টক । সম্প্ৰতি বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ কেৰিয়াৰত এটাৰ পিছত আনটো সুখবৰ আহি আছে ৷ বহু চৰ্চিত, কলংক" ছবি আৰু ইয়াৰ পিছত এচএচ ৰাজামৌলীৰ মাল্টীষ্টাৰ ছবিত মুখ্য অভিনেত্ৰী হিছাপে অভিনয় কৰিবলৈ পোৱাৰ পিছত শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চলীৰ ছবি ইনছে আল্লাহ ছবিখনত চুক্তিবদ্ধ হৈছে আলিয়া ভাট্ট ৷

বলীউডৰ চুলতান তথা ভাইজান ছলমান খানৰ লগত আলিয়া ভাট্ট চুক্তি বদ্ধ হোৱাৰ পিছতে অনুৰাগীসকলৰ উৎসুকৰ অন্ত নাই । ইফালে ছলমান খানৰ লগত আলিয়া ভাট্টৰ ইনচে আল্লা হ’ব প্ৰথম ছবি ৷ অন্যহাতে সদ্যহতে আলিয়া ভাট্টে ২৬ বয়সীয়া জন্ম দিন উদযাপন কৰিলে পৰিয়াল পৰিজনৰ লগতে অনুৰাগীৰ লগত ৷ ইয়াৰ বিপৰীতে ছলমান খানৰ বয়স হৈছে ৫৬ বছৰ ৷ গতিকে চলমান খানতকৈ ২৭ বছৰ সৰু আলিয়া ভাট্টৰ লগত ইনচে আল্লা ছবিখনত চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগী সকলে ৷

ইফালে আলিয়া ভাট্টে ইনচে আল্লা ছবিখনত চুক্তি বদ্ধ হোৱাৰ পিছতে এই খবৰটো অনুৰাগীসকলক টুইটাৰ যোগে জনায় ৷ আৰু সঞ্জয় লীলা ভাঞ্চলীৰ ইনছে আল্লাহ ছবিখনত চলমান খানৰ সৈতে অভিনয় কৰিবলৈ উৎসুকতাৰ কথা প্ৰকাশ কৰে আলিয়াই ৷

https://twitter.com/aliaa08/status/1107877979290390528

বলীউডৰ ভাইজান ছলমান খানেও টুইটাৰ যোগে সঞ্জয় লীলা ভাঞ্চালীক ধন্যবাদ জনায়। আৰু ছবিখনত অভিনয় কৰিবলৈ উৎসাহিত হোৱাৰ কথাও উল্লেখ কৰে ৷

https://twitter.com/BeingSalmanKhan/status/1107876992530042880

অন্যহাতে চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ ট্ৰেইলটোত । ইয়াৰ পিছত ধুনীয়া পৰিবেশত আলিয়াক এখন নাওত উঠি গৈ থকা দেখিবলৈ পোৱা যায়।

বলীউডৰ দাবাং খ্যাত তথা ভাইজান চলমান খানৰ ’ভাৰত”ছবিখন চৰ্চাৰ শীৰ্ষত। ভাৰত হৈছে এই বছৰৰ চৰ্চাৰ শীৰ্ষত থকা ছবি ৷ ছবিখন ঘোষণা হোৱা দিন ধৰি সকলো চলচ্চিত্ৰ প্ৰেমীৰ উৎসুকৰ অন্ত নাই ।চলমান খান আৰু কেটৰীণা কাইফৰ অভিনীত ছবি “ভাৰত”ৰ দৃশ্যগ্ৰহণ হৈছে মুম্বাই,মালতা,দিল্লী আৰু পঞ্জাৱত ৷ ছবিখনৰ প্ৰযোজক পৰিচালকসকলে সদ্যহতে ছবিখনৰ teaser মুকলি কৰিছে আৰু সেই সময়তে ছবিখনৰ ট্ৰেইলৰ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলো চলচ্চিত্ৰ প্ৰেমীয়ে৷

ইফালে ভাৰত ছবিখনৰ যিকোনো সময়তে ফ’টো অথবা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।সদ্যহতে,ভাৰত ছবিখনৰ এখন ফ’টো মুকলি হৈছে অনুৰাগীসকলৰ মাজত৷ ফ’টোখনত দেখা গৈছে যে,ছবিখনৰ অভিনেতা চলমান খানে এখন চকীত বহি আছে আৰু চকীখনত লিখা আছে ভাৰত । ভাৰত ছবি খনত চলমান খান আৰু কেটৰীণা কাইফৰ উপৰিও অভিনয় কৰিছে দিশা পাটানী,সুনীল গ্ৰ’ভাৰ,টাবু আৰু জেকী শ্ৰফে ৷ অন্যহাতে, ভাৰত ছবিখনৰ গীতসমূহৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে নিৰ্মাতাসকলে ৷ইতিমধ্যে ছলমান খান আৰু কেটৰীণা কাইফে এটা বিয়াৰ এটি গান দৃশ্যগ্ৰহণ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com