এটি নতুন গীতত জ’নাছ ভাতৃৰ লগত দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা

এটি নতুন গীতত জ’নাছ ভাতৃৰ লগত দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা
Published on

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপাৰ আন্তৰাষ্ট্ৰীয় শিল্পী হোৱাৰ সৌভাগ্য হৈছিল কোৱান্টিক’ ধাৰাবাহিকৰ জৰিয়তে৷অভিনেত্ৰী গৰাকীৰ "ৱে বাটচ" ছবিখনৰ পিছত মুক্তি লাভ কৰা আন এখন ছবি হৈছে ইজন্ট ইট ৰোমান্টিক ৷ কিন্তু সম্প্ৰতি প্ৰিয়াংকাৰ জ’নাছ ভাতৃৰ লগত মুক্তি লাভ কৰা অন্য এটি গীতে চৰ্চা লাভ কৰিছে ৷Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷ উল্লেখ্য যে,নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী প্ৰিয়াংকা চোপ্ৰা ৷

https://www.instagram.com/p/BudCS1WH_wb/

ইফালে প্ৰিয়াংকা-নিকৰ পৰিয়ালৰ সকলোৰে ইনষ্ট্ৰাগ্ৰামত এই ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷গীতটিত প্ৰিয়াংকা,চ’ফী, ডেনিয়েল সকলোৱে অত্যন্ত আনন্দৰে দৃশ্যগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ নিক জ’নাছৰ লগত প্ৰিয়াংকাৰ এইটো প্ৰথম আৰু বাকী শহুৰ ঘৰৰ লোকসকলৰ লগত প্ৰথম ভিডিঅ’ ৷উল্লেখ্য যে,সদ্যহতে প্ৰিয়াংকাই দিল্লীলৈ অহাৰ খবৰ নিশ্চয় অনুৰাগী সকলে লাভ কৰিছিল ৷কাৰণ প্ৰিয়াংকা চোপ্ৰাই নিক জ’নাছৰ লগত দিল্লীলৈ অহাৰ খবৰ ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে সকলোকে দিছিল ৷ দিল্লীলৈ স্বামী নিক জ’নাছৰ লগত আহি প্ৰিয়াংকাই ভাগ লৈছিল ভায়েক সিদ্ধাৰ্থৰ আঙঠি পিন্ধোৱাত ভাগ লয় ৷ইফালে প্ৰিয়াংকাই দিল্লীৰ এটি অনুষ্ঠানটো ভাগ লয় ৷

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷

ইফালে Sucker শীৰ্ষক গীতটি মুকলি কৰাৰ পিছত প্ৰিয়াংকা চোপ্ৰা,নিক জ’নাছ,জ’ জ’নাছ আৰু ছ’ফি,ডেনিয়েল সকলোৰে ইনষ্ট্ৰাগ্ৰাম পেইজত দেখিবলৈ পোৱা গৈছে গীতটিৰ ভিডিঅ’ আৰু দৃশ্যগ্ৰহণৰ কিছু দৃশ্যাংশ ৷প্ৰিয়াংকাই ইনষ্টাগ্ৰামত লিখিছে Glam bath..yes pls..the #jobasbrathers are back!#sucker Before and after.best hubby ever@nick jonas ৷

https://www.instagram.com/p/BufMketHIVT/

অন্যহাতে নিক জ’নাছৰ পিতৃ প’ল কেভিন জ’নাছ য়ে নিক জ’নাছৰ Sucker প্ৰত্যক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে দেউতাকৰ জ’নাছ ভাতৃৰ কৰ্মৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ কথাও প্ৰকাশ কৰে নিক জ’নাছে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com