কপিল শৰ্মা অনুৰাগীসকলৰ কাৰণে সুখবৰ:আহি আছে "দ্য কপিল শৰ্মা শ্ব’"

কপিল শৰ্মা অনুৰাগীসকলৰ কাৰণে সুখবৰ:আহি আছে "দ্য কপিল শৰ্মা শ্ব’"

দৰ্শকক আমোদ দিবলৈ আকৌ আহি আছে সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "দ্য কপিল শৰ্মা শ্ব’ ৷ চনী টিভিত প্ৰচাৰিত হোৱা অনুষ্ঠানটো আছিল দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় ৷ কমেডীয়ান কপিল শৰ্মা আৰু সুনীল গ্ৰোবেৰৰ মাজত হোৱা মনোমালিন্য তথা কপিল শৰ্মাৰ অসুস্থ স্বাস্থ্যৰ কাৰণে অনুষ্ঠানটো বন্ধ হৈ পৰিছিল ৷ কিন্তু এই সকলোবোৰ অতীত পাহৰি দৰ্শকক আমোদ দিবলৈ আকৌ আৰম্ভ হ’ব "দ্য কপিল শৰ্মা শ্ব’ ৷

সম্প্ৰতি চনী টিভিয়ে "দ্য কপিল শৰ্মা শ্ব’ ৰ এটি জ্বলক দৰ্শকৰ মাজলৈ এৰি দিছে ৷ য’ত কনমানি,বয়োজেষ্ঠ্যৰ লগতে অসুস্থজনলৈ সকলোৱে কপিল শৰ্মাৰ কমেডীত আমোদ লোৱা দেখিবলৈ পোৱা গৈছে ৷ অন্যহাতে,কপিল শৰ্মা শ্ব’টোৰ প্ৰথম অতিথি হ’ব মুক্তিৰ অপেক্ষাত থকা ছবি "জিৰো"ৰ অভিনেতা অভিনেত্ৰীসকল৷ শ্বাহৰুখ খান,কেটৰীনা কাইফ,অনুষ্কা শৰ্মাই অভিনয় কৰা "জিৰো"ছবিখন মুক্তি লাভ কৰিব ২১ ডিচেম্বৰত ৷

এক বিশেষ সূত্ৰ খবৰ অনুসৰি, "জিৰো"ছবিখনৰ প্ৰমোশ্যন কৰিবৰ কাৰণে ছবিখনৰ অভিনেতা অভিনেত্ৰীসকল "দ্য কপিল শ্ব’ ত উপস্থিত হ’ব। কিন্তু পূৰ্বতে,"দ্য কপিল শৰ্মা শ্ব"ৰ প্ৰথম এপিচ’ডৰ কাৰণে ছলমান খানৰ নাম উত্থাপন হৈছিল ৷ যদিও সম্প্ৰতি এই সন্দৰ্ভত কোনো তথ্য পোৱা নাই ৷ উল্লেখ্য যে, "দ্য কপিল শৰ্মা শ্ব" আৰম্ভ হৈছিল ২০১৬ চনৰ ২৩ এপ্ৰিলত ৷

ইয়াৰ পিছত ২০১৮ চনৰ মাৰ্চত "ফেমিলী টাইম উইথ কপিল" আৰম্ভ কৰিছিল যদিও অনুষ্ঠানটোৰ তিনিটা এপিচডৰ পিছত বন্ধ হৈ যায় ৷যাৰ কাৰণে কমেডিয়ান কপিল শৰ্মা হতাশাত ভূগে আৰু ক্ৰমে অসুস্থ হৈ পৰে ৷ কিন্তু কপিল শৰ্মা সুস্থ হোৱাৰ পিছত আকৌ এবাৰ দৰ্শকক মুখত হাঁহি বিৰিঙাবলৈ আহি আছে বুলি এক বাৰ্তা প্ৰেৰণ কৰে কপিল শৰ্মাৰ অনুৰাগীসকললৈ৷

"দ্য কপিল শৰ্মা শ্ব’ "ৰ লগতে কপিল শৰ্মাই লৈ আহিছে অন্য এক সুখবৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, কপিল শৰ্মা দীৰ্ঘদিনীয়া প্ৰেমিকা গিন্নী চতৰথৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব ৷ অহা ১২ ডিচেম্বৰত জলন্ধৰত হ’বলগীয়া বিয়া খনক লৈ উৎসাহী হৈ পৰিছে অনুৰাগীসকল ৷ গতিকে ,দ্য কপিল শৰ্মা শ্ব’ৰ লগতে দৰা কপিল শৰ্মাকো আদৰিবলৈ সাজু হ’ব লাগিব কপিল শৰ্মাৰ অনুৰাগীসকল ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com