কাজল অভিনীত 'হেলিকপ্টাৰ ঈলা'ৰ চাঞ্চল্যকৰ ডুবা ডুবা গীতটিত; ভিডিঅ'টি

কাজল অভিনীত 'হেলিকপ্টাৰ ঈলা'ৰ চাঞ্চল্যকৰ ডুবা ডুবা গীতটিত; ভিডিঅ'টি
Published on

কাজল অভিনীত 'হেলিকপ্টাৰ ঈলা' ছবি খনৰ ট্ৰেইলাৰটি যিসকলে চাইছে তেওঁলোকে অতি সুন্দৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গুৰুত্বপূৰ্ন কথা এইটো যে,আজি মুক্তি পালে ছবি খনৰ 'ডুবা ডুবা' গীতটি ।গীতটি মুলত দেখা পোৱা যাব কাজল,টোতা ৰয় চৌধুৰী আৰু ৰিধি সেন ।গীতটিত কাজল আৰু টোতাৰ আহিবলগীয়া প্ৰথম সন্তানটিৰ প্ৰতি থকা মৰম দেখা পোৱা যাব ।গীতটি ভালপোৱাৰ লগতে সমানে হেৰাই যোৱা কিছু দুখ বেদনাও দেখা পোৱা যাব ।গীতটিত কণ্ঠদান দিছে আৰজিত সিং আৰু চুনীধি চৌহান আৰু গীতটোৰ কথা লিখিছে শ্বআনন্দ কিৰকিৰে । অমিত ত্ৰিবেদীয়ে কৰিছে মিউজিক কম্পউচ ।

ছবি খনত কাজলে নিজ সন্তানৰ সৈতে হেলিকপ্টাৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছে । ছবি খনত দেখা পোৱা অনুসৰি কাজলে নিজ সন্তানকলৈ অধিক চিন্তা তথা ভাবি থাকে বাবে কাজলৰ ল'ৰাটোৱে অশান্তি হৈ পৰে,সেয়ে পিছত কাজলে নিজক এনে পৰিস্থিতিৰ পৰা আতৰিবলৈ গানৰ জগত খনৰ লগত জড়িত হৈ পৰে ।

মিউজিক তথা সংগীতে মাক আৰু পুতেকৰ সম্পৰ্কটোৰ এক বিশেষ কথাই জড়িত কৰি ৰাখিছে । সি হৈছে কলেজ খনৰ বেণ্ড এটাৰ লগত ড্ৰাম বজায়,যিসমূহে আপোনালোকৰ মনটো ভাল লগাবলৈ সক্ষম হ'ব । কিন্তু পিছলৈ কাজৰ স্বামীৰ মৃত্যুৰ পিছত অকলে মাক আৰু দেউতাকৰ দায়িত্ব খিনি পালন কৰিবলগা হয় ।এই ধৰনৰ নানা সুখ দুখ কষ্টৰ মাজেৰে নিৰ্মিত হোৱা কাজল অভিনীত ছবি খনৰ বাবে আমি সকলোবোৰে অধীৰ আশাৰে বাট চায় আছো,আশা কৰিব পাৰি ছবি খনে দৰ্শকৰ মন আকৰ্ষিত কৰিব পৰাৰ লগে লগে বক্স অফিচতো নিজ ঠাই দখল কৰিব পাৰিব । ছবি খনৰ সুন্দৰ গীত 'ডুবা ডুবা' আজি মুক্তি পাইছে ।তলত ভিডিঅ'টি শ্ৰেয়াৰ কৰা হ'ল ।

https://www.youtube.com/watch?v=xqHBzQFgfng

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com