কেদাৰনাথত সুশান্ত সিং ৰাজপুতৰ নতুন ৰূপ

কেদাৰনাথত সুশান্ত সিং ৰাজপুতৰ নতুন ৰূপ
Published on

চলিত বৰ্ষৰ ৭ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া সুশান্ত সিং ৰাজপুত আৰু সাৰা আলি খানৰ ছবি "কেদাৰনাথ"ৰ চৰ্চা অব্যাহত আছে ৷ ছবিখনত সুশান্ত সিং ৰাজপুতে এজন মুছলিম লোকৰ চৰিত্ৰত অভিনয় কৰিছে যদিও ৰুদ্ৰাক্ষ মালা পৰিধান কৰা দেখা গৈছে ৷এই কথাই সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ অভিষেক কাপুৰৰ "কেদাৰনাথ" ছবিখনৰ কষ্টিউম ডিজাইনাৰ শ্ৰুতি কাপুৰ কাপুৰৰ ভাষ্য অনুসৰি,ছবিখনত সুশান্ত সিং ৰাজপুত এজন মুছলিম সম্প্ৰদায়ৰ লোক হলেও ’কেদাৰনাথ’মন্দিৰটোৰ কাৰণেই সুশান্তে দুবেলা দুমুঠিৰ কাৰণে উপাৰ্জন কৰিব পাৰে ৷কাৰণ "কৰ্মই ধৰ্ম" ৷

ইফালে সুশান্তক কেদাৰনাথ ছবিখনত কেদাৰনাথ পৰিদৰ্শন কৰিবলৈ যোৱা ভক্তসকলক সহায় কৰা লোক হিচাপে উপস্থাপন কৰিছে ৷ পোচাকৰ ক্ষেত্ৰত সুশান্তে ছবিখনত পেন্ট আৰু টি ছাৰ্ট পৰিধান কৰিছে। কেদাৰনাথ পৰিদৰ্শন কৰা মানুহক সহায় কৰা এজন লোক হিচাপে সুশান্তে বহু সময়ত ইফালে সিফালে ঘূৰি ফুৰিব লাগে ৷গতিকে কামত সুবিধাৰ কাৰণে সুশান্তে ট্ৰেক পেন্ট আৰু টি ছাৰ্ট পৰিধান কৰিছে ৷ এই মন্তব্য ডিজাইনাৰ শ্ৰুতি কাপুৰৰ ৷

অন্যহাতে,সুশান্তে পৰিধান কৰা ৰুদ্ৰাক্ষ মালাসমূহ জোগেশ্বৰী মন্দিৰৰ মিল্লত নগৰস্থিত মছজিদৰ কাষৰ পৰা ক্ৰয় কৰিছে ডিজাইনাৰ শ্ৰুতি কাপুৰে ৷ অন্যহাতে ছৈইফ আলী খানৰ জীয়ৰী সাৰা আলী খানৰ বলীউডলৈ যাত্ৰা কৰিছে "কেদাৰনাথ" জৰিয়তে ।২০১৩ চনত তীৰ্থস্থান কেদাৰনাথত অহা ভয়াৱহ দুৰ্যোগক লৈ নিৰ্মাণ কৰিছে কেদাৰনাথ ছবিখন ৷সাৰা আলী খান আৰু অভিনেতা সুশান্ত সিং ৰাজপুতে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত অভিনয় কৰিছে বহু বলীউডৰ ন পুৰণি শিল্পীয়ে ৷

ছবিখনত সাৰাই এগৰাকী তীৰ্থযাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ছবিখনত কেদাৰনাথৰ ভয়াৱহ দুৰ্যোগৰ জীৱন্ত চিত্ৰৰ লগতে সাৰা আলী খান আৰু সুশান্ত সিং ৰাজপুতৰ কেমেষ্ট্ৰীয়ে আকৰ্ষন কৰিছে চিত্ৰপ্ৰেমীসকলক ৷ ইফালে কেদাৰনাথৰ ট্ৰেইলৰটোত সাৰা আলী খানক পানীৰ মাজত যুঁজি থকা দেখিবলৈ পোৱাৰ লগতে সাৰাক পানীৰ মাজৰ পৰা বচোৱাৰ চেষ্টা চলাই সুশান্তে ৷ উল্লেখ্য যে ,অভিষেক কাপুৰৰ নিৰ্দেশনাৰে "কেদাৰনাথ"ছবি খন চাবলৈ চলচ্চিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব ৭ ডিচেম্বৰলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com