চাওঁ আহক বলীউডৰ হোলী গীত সমূহৰ দৃশ্যগ্ৰহণৰ সময়ত হোৱা কিছুমান নষ্টালজিক মুহুৰ্ত্ত

চাওঁ আহক বলীউডৰ হোলী গীত সমূহৰ দৃশ্যগ্ৰহণৰ সময়ত হোৱা কিছুমান নষ্টালজিক মুহুৰ্ত্ত

Published on

হোলী আৰু সংগীত যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ এই ক্ষেত্ৰত বলীউডৰ কিছুসংখ্যক ছবিৰ সংগীত সমূহে এক বিশেষ মহত্ত্ব প্ৰদান কৰিছে ৷ আজি আমি হোলীৰ গীত সমূহৰ দৃশ্যগ্ৰহণ কৰোঁতে হোৱা কিছুমান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিম ৷ এই গীতসমূহ দৃশ্য গ্ৰহণ কৰোঁতে অভিনেত্ৰী আৰু ডাৰেক্টৰ আৰু কৰিঅ’গ্ৰাফাৰ সকলৰ মাজত এনেধৰণৰ কিছুমান হাস্য মধুৰ পৰিস্থিতিৰ কথা আলোচনা কৰিম। যিসমূহ আপোনালোকৰ হয়তো জ্ঞাত নহয়।

বিটাউনত সততে কোৱা হয় যে যশৰাজ ছবিসমূহত কাম কৰাটো এক পৰিয়ালৰ লগত কাম কৰাৰ দৰে অনুভৱ হয় । হোলী গীত অংগ চে অংগ লগানা গীতটিৰ দৃশ্য গ্ৰহণ হৈছিল ল’নাৱলাত ।এই গীতটি দৃশ্যগ্ৰহণ কৰোঁতে অভিনেতা অভিনেত্ৰী সকলৰ কিছুমান পৰিয়ালৰ লোকো উপস্থিত আছিল ৷ এই গীতটিৰ কৰিঅ’গ্ৰাফ কৰিছিল দক্ষিণ ভাৰতৰ তৰুণ কুমাৰ ৷ তৰুণ কুমাৰে কয় যে যেতিয়া যশ চোপ্ৰাই আমাৰ গীতটিৰ কৰিঅ’গ্ৰাফ দেখিছিল তেতিয়া যশ চোপ্ৰাই কয় যে এই গীতটিৰ দৃশ্যগ্ৰহণ অলপ বেলেগ ধৰণে হ’ব লাগিছে ৷ইয়াৰ পিছত এই গীতটিৰ চেটআপ পৰিৱৰ্তন কৰা হয় ।আৰু এই গীতটিৰ দৃশ্যগ্ৰহণ চাবলৈ হনী ইৰানী,ডিম্পল কাপাড়িয়া,প্ৰেমলা চোপ্ৰা আৰু জুহী চাওলাৰ সকলো পৰিয়াল বৰ্গ ল’নাৱলালৈ আহে ৷ সকলো দৃশ্যগ্ৰহণৰ মাজতে বিভিন্ন খেল খেলে ৷

শশাংক খতানৰ বদ্ৰীনাথ কী দুলহনীয়া ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত হোৱা বিভিন্ন নষ্টালজিক মুহুৰ্তত কথা সুঁৱৰে পৰিচালক শশাংকে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত হোৱা বিভিন্ন ঘটনাৰ কথা সু্ঁৱৰি কয় যে সাধাৰণতে হোলীৰ গীত সমূহ দিনৰ ভাগত দৃশ্যগ্ৰহণ কৰা হয় ৷ কিন্তু এই ছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল নিশা ৷ সকলোৱে মিলি দৃশ্যগ্ৰহণ কৰা চেটআপ নতুনকৈ নিৰ্মাণ কৰে ৷ অন্যহাতে এই গীতটিৰ দৃশ্যগ্ৰহণ কোনো পানী ব্যৱহাৰ নকৰাকৈ হৈছিল। সেয়েহে ধূলীৰ দৰে হোলীৰ ৰং চাৰিও ফালে উৰি আছিল ৷ গতিকে এক অভিনেত্ৰী বাহিৰে দৃশ্য গ্ৰহণ স্থলীত থকা সকলোৱেই মাস্ক পিন্ধি শ্বুটিং কৰিছিল। আমি সকলোৱে বহুত আনন্দ কৰিছিলোঁ ৷ আমি একেলগে তিনিদিন শ্বুটিং কৰিছিলোঁ ৷ মাস্ক পৰিধান কৰাৰ পিছতো সকলো ৰং আমাৰ মুখত আহিছিল ৷ কিন্ত ছবিখনৰ দৃশ্যগ্ৰহণত আমি বহুত আনন্দ কৰিছিলোঁ ৷

য়ে জবানী হ্যে দীৱনীৰ কৰিঅ’গ্ৰাফাৰ ৰেমো ডিছুজাই কয় যে ছবিখনৰ এটি গীত "বলম পিছকাৰী"গীতটিৰ দৃশ্যগ্ৰহণ কৰোঁতে আমি প্ৰপাৰ কালাৰৰ লগত হোলী চেলীব্ৰেশ্যন কৰিছিলো ৷ এই গীতটি মোৰ বহুত প্ৰিয় ।গীতটি দৃশ্যগ্ৰহণ কৰোঁতে চাৰিদিন সময় লাগিছিল ৷ আমি ৰনৱীৰ কাপুৰ,দীপিকা পাডুকন,আদিত্য ৰয় কাপুৰ আৰু কল্কী কোছলিনৰ লগত কাম কৰিছিলো ৷কষ্ট হৈছিল যদিও গীতটিৰ দৃশ্যগ্ৰহণ বহুত আনন্দৰে কৰিছিলো ৷ কাৰণ ৰং সমূহ উৰি যোৱাৰ কাৰণে কেমেৰাৰ লেন্সসমূহ চাফা কৰি থাকিব লগা হৈছিল৷ আমি শ্বুটিং স্থলীত আনন্দময় প্ৰেংক কৰিছিলো ৷ আমি হোলীৰে ভৰপুৰ এখন টেঙ্কৰ ব্যৱস্থা কৰিছিলোঁ । সেই কথা কেৱল ৰনবীৰ আৰু আদিত্যই জানিছিল ৷ দীপিকা আৰু কল্কীয়ে এই কথা নাজানিছিল ৷ যেতিয়াই দীপিকা আৰু কল্কী তৈয়াৰ হৈ অহাৰ পিছতে দুয়োগৰাকী অভিনেত্ৰীকে উঠাই টেঙ্কত পেলাই দিয়ে ৷ আৰু ইয়াৰ পিছত আমি ভবা ধৰণে এক্সপ্ৰেশ্যন লাভ কৰোঁ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com