চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক চিল চিলা বদলতে ৰিস্তো কা ধাৰাবাহিকখনৰ সম্প্ৰতি অন্ত পৰিছে। মোলী আৰু কুনালৰ প্ৰেমক আদৰি লৈছিল সকলো ধাৰাবাহিক প্ৰেমীয়ে ৷ কিন্তু দৰ্শকৰ কাৰণে সুখবৰ যে ধাৰাবাহিক খনৰ দ্বিতীয় চিজনটো আৰম্ভ হৈছে ৷ এই চিজনটো দেখিবলৈ পোৱা গৈছে কেইবাখনো নতুন মুখ ৷এইসকলৰ ভিতৰত আছে কুনাল জয় সিং ৷ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা কুনাল জয় সিং সকলো অনুৰাগীৰ মাজত যথেষ্ট প্ৰিয় । পূৰ্বতে ষ্টাৰ প্লাছত সম্প্ৰসাৰি হোৱা ইস্কবাজ ধাৰাবাহিক খনত "ওম"ৰ চৰিত্ৰত অভিনয় কৰি যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ কুনাল জয় সিং ৷

গতিকে আকৌ এবাৰ কুনালে দৰ্শকক মনোৰঞ্জন কৰিব ৷ চিলচিলা বদলতে ৰিস্তো কা ধাৰাবাহিক খনত কুনাল জয় সিঙৰ চৰিত্ৰটোৰ নাম হৈছে ৰুহান ৷ ৰুহান লৈছে এজন ফ’টোগ্ৰাফাৰ ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত কুনাল জয় সিঙৰ অনুৰাগী সকলৰ, কুনালৰ অভিনয়ৰ প্ৰশংসা কৰিছে ৷ এগৰাকী অনুৰাগী এই সন্দৰ্ভত কয় যে, কুনালক আকৌ এবাৰ সৰু পৰ্দাৰ প্ৰত্যক্ষ কৰিবলৈ পায় যথেষ্ঠ আনন্দিত হৈছে।

অন্যহাতে সকলোৰে প্ৰিয় ৰিয়েলিটী অনুষ্ঠান খতৰো কী খিলাড়ী ৯ ৰ প্ৰতিযোগীসকলৰ মাজত পৰা জয়ী হৈছে ডান্সাৰ,কৰিঅ’গ্ৰাফাৰ,এক্টৰ পুনীত পাঠক ৷ পুনীত পাঠকে জয়ী হৈয়ে লাভ কৰিছে প্ৰায় ২০ লাখ টকাৰ লগতে লাভ কৰিছে এখন বাহন ৷ ইয়াৰ পিছতে পুনীত পাঠক খতৰো কে খিলাড়ী ৯ নামৰ অনুষ্ঠানটিত নিজৰ অভিজ্ঞতা সম্পৰ্কত মন্তব্য কৰে ৷ সততে যিকোনো লোকৰে এক ফ’বিয়া থাকে ৷ এই সন্দৰ্ভত পুনীত পাঠকে কয় যে ময়ো মানুহ মোৰো ভয় আছে ৷ কিন্তু সেই ভয়ৰ লগত যুদ্ধ কৰোঁ ৷ তেতিয়াহে আগবাঢ়ি যাব পাৰিম ৷ এই অনুষ্ঠানটিৰ জৰিয়তে যিকোনো ভয়ক আঁতৰ কৰাবলৈ এক মহত্তপূৰ্ণ অনুষ্ঠান ৷

অনুষ্ঠানটিত পুনীত পাঠকতকৈ শক্তিশালী প্ৰতিযোগীৰ ক্ষেত্ৰত মন্তব্য কৰে যে যদি দ্বিতীয় জনৰ কথা আমি ভাবি থাকোঁ ৷ তেন্তে নিজৰ কথা কোন সময়ত ভাবিম ৷ প্ৰত্যেকটো স্তৰত এইটোৱেই ভাবো যে ষ্টান্ট সমূহৰ প্ৰত্যেকটোৱেই অতি সুচাৰূপে কৰোঁ ৷ টপ 2 ত আদিত্য নাৰায়ন আৰু পুনিত পাঠকে নিজৰ স্থিতি দখল কৰে ৷ পুনিত পাঠকৰ মন্তব্য যে সকলোৰে প্লাছ মাইনাছ পইন্ট আছে ।সকলোৰে ভয় থাকে ৷ শমিতা চেট্টী এগৰাকী ভাল প্ৰতিযোগী আছিল কিন্ত তেওঁৰ ফ’বিয়া আছিল পইতাঁচোৰা ৷

এজন নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় হোৱাৰ পিছত পোৱা এই সফলতাৰ সন্দৰ্ভত পুনীত পাঠকে কয় যে চলিত বৰ্ষৰ খতৰো কা খিলাড়ী জনপ্ৰিয়তাৰ শীৰ্ষত আছে । গতিকে এনেধৰণৰ এটা অনুষ্ঠনৰ পৰা পোৱা সফলতাই মোৰ কেৰিয়াৰত প্ৰভাৱ পেলাব। অনুষ্ঠাটিত জয়ী হোৱাৰ পিছত মোক শুভেচ্ছা বানী সকলোৱে জনাইছে ৷ অনুভৱ হৈছে যেন মোৰ জন্মদিন ৷ লগতে দৰ্শক,অনুৰাগীৰ মৰম শুভেচ্ছা পাই যথেষ্ট সুখী পুনীত পাঠক।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com