চুই ধাগা ছবি খনৰ বাবে অসমৰ পৰা এক প্ৰতীক চিহ্ন তৈয়াৰ কৰিলে সংযুক্তা দত্তই

চুই ধাগা ছবি খনৰ বাবে অসমৰ পৰা এক প্ৰতীক চিহ্ন তৈয়াৰ কৰিলে সংযুক্তা দত্তই
Published on

অসমৰ এগৰাকী নামী-দামী ফেশ্ব্যন ডিজাইনাৰ সংযুক্তা দত্তই বৰুন ধাৱন আৰু অনুষ্কা শৰ্মাৰ অভিনীত নতুনকৈ আহিবলগীয়া "চুই ধাগা-মেড ইন ইণ্ডিয়া" ছবি খনৰ বাবে এক প্ৰতীক চিহ্ন তৈয়াৰ কৰি উলিয়াইছে। অসমৰ বাবে ই এক গৌৰৱৰ কথা।

মেখেলা চাদৰ ভালপোৱা সংযুক্তা দত্তই অসমৰ লগতে বলীউদতো এক বিশেষ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে।তেওঁৰ ডিজাইন কৰা কাপোৰ বলীউদৰ বহু কেইগৰাকী মোহময়ী অভিনেত্ৰী বিপাশা বসু,প্ৰীটি জিণ্টা,দিয়া মিৰ্জা আদিয়ে পৰিধান কৰা দেখা পোৱা গৈছে।ইয়াৰ উপৰিও সংযুক্তা দত্তই কিছুদিন পূৰ্ৱে শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ দাদা চাহেব ফাল্কে এক্সেলেণ্স বঁটা পাবলৈও সক্ষম হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com