ছলমান খানৰ কিক ছবিত বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী

ছলমান খানৰ কিক ছবিত বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন এই কেইদিন ৰিপ্লেছমেন্টৰ কাৰণে চৰ্চাত আছে ৷ প্ৰাপ্ত এক খবৰ অনুসৰি দীপিকা পাডুকনে অনুৰাগ বাসুৰ ছবি "ইমলী"ত কংগনা ৰাণাউটক ৰিপ্লেচ কৰিছে ৷ ইয়াৰ পিছতেই চলমান খানৰ কিক ২ ত জেকলিন ফাৰ্ণাণ্ডেজক ৰিপ্লেছ কৰাৰ খবৰ পোৱা গৈছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দীপিকা পাদুকনক কিক ছবিৰ নিৰ্মাতাসকলে ছবিখনত অভিনয় কৰাৰ কাৰণে আহ্বান কৰিছে ৷কিক ছবিখনৰ প্ৰথম পাৰ্টটো চাজিদ নাডিয়াৱালাই প্ৰযোজনা কৰিছিল ৷

অন্যহাতে বিগত বৰ্ষত কিক ২ ৰ কথা ঘোষণা কৰে ৷ কিন্তু ছবিখনৰ কাহিনী সম্পূৰ্ণ নোহোৱা আৰু চলমান খান ব্যস্ত থকাৰ কাৰণে ছবিখনৰ কাম স্তব্ধ হৈ পৰে ৷ কিন্তু সম্প্ৰতি ছবিখনৰ কাহিনী সম্পূৰ্ণ হৈছে৷গতিকে ছলমান খান আৰু চাজিদ নাদিয়াবালা একেলগে ছবিখনৰ অভিনেত্ৰীৰ ক্ষেত্ৰত সিদ্ধান্তত উপনীত হ’ব ৷ ইয়াৰ মাজতে দীপিকাক ছবিখনত অভিনয়ৰ কাৰণে আহ্বান কৰা হৈছে ৷ অন্যহাতে কিক ছবিখনৰ প্ৰথম পাৰ্টটোৰ কাৰণে ও দীপিকা পাডুকনক কোৱা হৈছিল যদিও অভিনেত্ৰী গৰাকীয়ে অভিনয় কৰিব নোৱাৰিলে ৷

ইয়াৰ মাজতে সঞ্জয় লীলা ভাঞ্চালীৰ ইনচে আল্লাহত ছলমান খানৰ লগত দীপিকা পাডুকনে অভিনয় কৰিব বুলি তথ্য পোৱা গৈছিল যদিও পিছত দীপিকাৰ ঠাইত আলিয়া ভাট্টক লয় ছবিখনত ৷ ইফালে খবৰ অনুসৰি এই ছবিখনত দীপিকা পাডুকন আৰু জেকলিন ফানাণ্ডেজক একেলগে দেখিবলৈ পোৱা যাব ৷ কিন্তু দীপিকা পাডুকনৰ চৰিত্ৰ অলপ শক্তিশালী হ’ব ৷

উল্লেখ্য যে দীপিকা পাডুকন আৰু জেকলিন ফানাণ্ডেজে ৰেছ ২ ত একেলগে কাম কৰিছে। ইফালে এক তথ্য অনুসৰি সদ্যহতে ফাৰহান আখতাৰে ছলমান খানৰ লগত সাক্ষাৎ কৰে । ইয়াৰ পিছত চৰ্চা লাভ কৰে যে দুয়ো একে লগে কাম কৰিব ৷ কিন্তু সম্প্ৰতি ফাৰহান আখতাৰে এই সন্দৰ্ভত মন্তব্য দিয়ে যে এই খবৰ সচাঁ নহয় ৷ লগতে অভিনেতা গৰাকীয়ে মন্তব্য কৰে যে আমি যিকোনো কামত যিকোনো সময়ত বিভিন্ন লোকৰ লগত মিলিত হওঁ ৷আমি বিভিন্ন প্ৰসংগত বিভিন্ন লোকৰ লগত মিলিত হ’লেই এইটো নহয় যে আমি একেলগে ছবি কৰিম ৷ গতিকে মই আৰু ছলমানে একেলগে কাম নকৰোঁ ৷ইফালে দীপিকা পাডুকন ব্যস্ত আছে ছপাক ছবিৰ দৃশ্য গ্ৰহণত ৷

তাৰ মাজতে দীপিকা উপস্থিত হয় মেটগালা সমাৰোহত ৷দীপিকা পাডুকনৰ লুকও এইবাৰ মেটগালা ইভেন্টত চৰ্চা লাভ কৰিছে ৷দীপিকা পিংক ৰঙৰ এটি ড্ৰেছত মেট গালাত উপস্থিত হয় ।অভিনেত্ৰী গৰাকীক কোনো পৰীতকৈ কম লগা নাছিল ৷ দীপিকা পাডুকন সম্প্ৰতি ব্যস্ত আছে ছ’পাক ছবিৰ দৃশ্য গ্ৰহণত ৷নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই দীপিকা উপস্থিত হয় নিউয়ৰ্কত ৷ছ’পাৰ ছবিৰ কাৰণে দীপিকাই অত্যন্ত সাধাৰণ ভাৱেই মেটগালত পদাৰ্পন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com