জ’নাছ ভাতৃৰ অনুষ্ঠানত জে চিষ্টাৰ্চৰ আনন্দ

জ’নাছ ভাতৃৰ অনুষ্ঠানত জে চিষ্টাৰ্চৰ  আনন্দ

শেহতীয়াকৈ বিলবোৰ্ড মিউজিক এৱাৰ্ডছত জ’নাছ ভাতৃদ্বয়ে অনুষ্ঠান পৰিবেশন কৰে ৷ আৰু এই অনুষ্ঠানত বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে জে চিষ্টাৰ্ছ ৷ প্ৰায় ছয়মাহৰ বিৰতিৰ পাছত জ’নাছ ভাতৃৰ এই অনুষ্ঠানটি আছিল এক বৃহৎ অনুষ্ঠান । বিলবৰ্ড মিউজিক এৱাৰ্ডত প্ৰিয়াংকা চোপ্ৰা,ছ’ফী টনাৰ আৰু ডেনিয়েল জ’নাছৰ প্ৰতিক্ৰিয়া আছিল বিশেষকৈ লক্ষ্যনীয় ৷ প্ৰিয়াংকা চোপ্ৰাৰ স্বামী নিক জ’নাচে অনুষ্ঠানটিত Jealous গীতটি পৰিবেশন কৰে ৷

নিক জ’নাচৰ ভাতৃ জ’ জ’নাছে DNCE's ৰ Cake By the Ocean ত লগত সহযোগ কৰে ৷ এই অনুষ্ঠানত জ’নাচ ভাতৃৰ নতুন গীত Sucker পৰিবেশন কৰে । দৰ্শকৰ মাজত থিয় হৈ জ’নাছ চিষ্টাৰ্চে জ’নাছ ব্ৰাদাৰ্ছৰ লগত গীত আৰু নৃত্য প্ৰদৰ্শন কৰে ।ইফালে প্ৰিয়াংকা চোপ্ৰাই ইনষ্টাগ্ৰাম ষ্টৰীত চ’ফি আৰু ডেনিয়েলৰ লগত এখন আলোকচিত্ৰ দিয়ে ৷

https://www.instagram.com/p/Bw8QS2oHAoL/

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি চলিত বৰ্ষৰ সাত জুন মাহত জ’নাছ ব্ৰাদাৰ্চৰ Happiness Begins শীৰ্ষক এলবামটি মুক্তি লাভ কৰিব । উল্লেখ্য যে, সততে জে চিষ্টাৰ্ছ আৰু জ’নাছ ব্ৰাদাৰ্ছে একেলগে বহুত ভিডিঅ’ অথবা আলোক চিত্ৰ প্ৰদৰ্শন কৰি থাকে ৷ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আমেৰিকাৰ বোৱাৰী হলেও,এগৰাকী ভাৰতীয় বোৱাৰীৰ লক্ষণ দেখা যায় অভিনেত্ৰী গৰাকীৰ মাজত ৷

প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াৰ একাউন্টত সততে স্বামী নিক জ’নাছৰ লগতে জ’নাছ ব্ৰাদাৰ্ছ আৰু জ’নাছ চিষ্টাৰ্ছৰ ফ’টোৱে ভৰি থাকে ৷ অলপতে প্ৰিয়াংকাই ইনষ্টাগ্ৰাম একাউন্টত ডেনিয়েল জ’নাছ আৰু চ’ফী টনাৰৰ লগত এখন ফ’টো প’ষ্ট কৰিছে ৷ আৰু লিখিছে জে চিষ্টাৰ্ছ আকৌ একেলগে৷

লগতে প্ৰিয়াংকা চোপ্ৰাই জ’ জনাছৰ প্ৰেমিকা ছ’ফি আৰু কবিন জ’নাছৰ পত্নী ডেনিয়েলক টেগ কৰিছে ৷ এই তিনিগৰাকী অথাৎ জে চিষ্টাৰ্ছক দেখিবলৈ পোৱা গৈছে “চাকাৰ” ভিডিঅ’টিত ৷ আৰু সদ্যহতে তেওঁলোকে “কুল” মুক্তি দিছে ৷ ইফালে কুল মুক্তি দিয়াৰ পিছতো প্ৰিয়াংকা চোপ্ৰাই সমগ্ৰ পৰিয়ালৰ এখন ফ’টো শ্বেয়াৰ কৰিছে ৷ ফ’টো খনত নিক জ’নাছ, কবিন জ’নাছ, জ’ জ’নাছ,সফী ট’নাৰ আৰু ডেনিয়েল জ’নাছৰ দেখা গৈছে ৷

ইফালে প্ৰিয়াংকা চোপ্ৰাক শেহতীয়াকৈ দেখা যাব দ্য স্কাই ইজ পিংকত ৷ প্ৰিয়াংকাৰ উপৰিও ছবিখনত আছে ফাৰহান আখতাৰ আৰু জাইৰা বসীম ৷ নিক জ’নাছ সম্প্ৰতি ব্যস্ত আছে জুমাজী ৱেনকাম টু দ্য জংগলত ৷

বলীউডৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদৰ খবৰে মাৰ্চৰ শেষত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ এখন আমেৰিকাৰ আলোচনীয়ে দাবী কৰিছিল যে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদ হ’ব ৷ ইয়াৰ পিছতেই নিক আৰু প্ৰিয়াংকা চোপ্ৰাই সেই আলোচনীখনৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ মন মেলিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com