জাহ্নৱী কাপুৰে পৰিধান কৰিলে মাতৃ শ্ৰীদেৱীৰ "দুপাত্তা"

জাহ্নৱী কাপুৰে পৰিধান কৰিলে মাতৃ শ্ৰীদেৱীৰ "দুপাত্তা"
Published on

পুনৰ চৰ্চাৰ মাজলৈ আহিছে 'ধড়ক'ৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ,কাৰন জাহ্নৱীয়ে পুনৰ পৰিধান কৰিলে মাতৃ শ্ৰীদেৱীৰ 'দুপাত্তা'। কিছুদিন পূৰ্ৱে এক সাক্ষাৎকাৰৰ জৰিয়তে জানিব পৰা গৈছে যে,জাহ্নৱীৰ ষ্টাইল সমূহ জাহ্নৱীয়ে মাক শ্ৰীদেৱীৰ পৰা গ্ৰহন কৰা।অলপতে পুনৰ বাৰ জাহ্নৱীক দেখা পোৱা গল প্ৰয়াত মাতৃ শ্ৰীদেৱীৰ দুপাত্তা পৰিধান কৰা।

কিছুদিন পূৰ্ৱে,৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ অনুষ্ঠানত পিতৃ বনী কাপুৰ আৰু ভগ্নী খুচীৰ সৈতে জাহ্নৱীয়ে মাকৰ পৰিধিত শাৰী পৰিধান কৰিছিল।

জাহ্নৱীৰ এক সাক্ষাৎকাৰৰ জৰিয়তে জানিব পৰা মতে,জাহ্নৱীক মুখৰ উজ্জ্বলতা বঢ়াবলৈ,চুলিৰ যতন কেনেকৈ লব লাগে এই সমূহৰ বিষয়ে মাতৃ শ্ৰীদেৱীয়ে উপদেশ দিছিল।ঘৰতে তৈয়াৰী ড্ৰাইড ফুল আৰু আমলাৰ সংমিশ্ৰনৰ তেল ব্যৱহাৰ কৰে আৰু ভগ্নী খুচীয়ে প্ৰতি তিনি দিনৰ মূৰে মূৰে চুলিত তেল সানি অতি সুন্দৰ ভাৱে যতন লোৱাৰ কথাও উল্লেখ কৰিছে জাহ্নৱীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com