জি চিনে এৱাৰ্ডত দীপিকা পাডুকনৰ লগত বিশেষ ধেমালী বলীউডৰ এজন অভিনেতাৰ

জি চিনে এৱাৰ্ডত দীপিকা পাডুকনৰ লগত বিশেষ ধেমালী বলীউডৰ এজন অভিনেতাৰ

সম্প্ৰতি বলীউডত অনুষ্ঠান জি চিনে এৱাৰ্ডত দেখা গ’ল বহু চেলিব্ৰেটীক ৷ তাৰ ভিতৰত অন্যতম হ’ল নৱ বিবাহিত দম্পতী দীপবীৰ অৰ্থাৎ ৰনৱীৰ সিং আৰু দীপিকা পাডুকন (Deepika Padukone) ৷ ৰনবীৰ সিঙে পদ্মাৱত ছবিৰ কাৰণে লাভ কৰে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আৰু দীপিকা পাডুকনেও পদ্মাৱত ছবিৰ কাৰণে লাভ কৰে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ ৷ গতিকে চেলীব্ৰেটী দম্পতীয়ে জি চিনে অনুষ্ঠানৰ মঞ্চত বহুত আনন্দৰে উপস্থিত সকলো দৰ্শকক আপ্লুত কৰে ৷

ইফালে এইবাৰ জি চিনে এৱাৰ্ড অনুষ্ঠান ত হোষ্ট কৰিছে নৱ প্ৰজন্মৰ দুজন জনপ্ৰিয় অভিনেতা ৱিকী কৌশল আৰু কাৰ্তিক আয়ানে ৷ ৱিকী আৰু কাৰ্তিকে জি চিনে এৱাৰ্ড মঞ্চত বাৰুকৈয়ে সকলোকে মোহিত কৰে। এক তথ্য অনুসৰি জি চিনে এৱাৰ্ড অনুষ্ঠানত দীপিকা পাডুকনক ছুপাৰ হিট ছবি উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক অভিনেতা বিকী কৌশলে বাৰে বাৰে "ভাবী" বুলি সম্বোন্ধিত কৰে ৷ কিন্তু দীপিকা পাডুকনে বিকীৰ এই সম্বোধনক ভাল নালাগিল ৷ আৰু সেয়েহে দীপিকাই লগে লগে বিকী কৌশলক কয় যে তেওঁক যেন ভাবী বুলি সম্বোধিত নকৰে ৷

উল্লেখ্য যে দীপিকা পাডুকন আৰু বিকে কৌশল ভাল বন্ধুও ৷ ইফালে ২০১৭ চনত মুক্তি লাভ কৰা সঞ্জয় লীলা ভাঞ্চলীৰ ছবি "পদ্মাৱত"ত ৰতন সিঙৰ চৰিত্ৰৰ কাৰণে ভাঞ্চালীয়ে বিক্কী কৌশলক চুক্তি বদ্ধ কৰিছিল ৷ কিন্তু দীপিকা পাডুকনে সঞ্জয় লীলা ভাঞ্চালীক কয় যে ৰতন সিঙৰ এই চৰিত্ৰটোৰ কাৰণে কোনো জনপ্ৰিয় অভিনেতাক চুক্তি বদ্ধ কৰাব লাগে ৷আৰু ইয়াৰ পিছত পদ্মাৱত ছবিখনত জনপ্ৰিয় ছবিখনত ছাহিদ কাপুৰক চুক্তি বদ্ধ কৰায় ৷ অন্যহাতে, বিক্কী কৌশলে সঞ্জু,ৰাজী আৰু উৰি দ্য চাৰ্জিকেল ষ্টাইকৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিয়ে ৷ এই ছবিসমূহৰ পিছব বিক্কী কৌশলৰ বলীউডৰ ছুপাৰহিট অভিনেতা সকলৰ তালিকাত স্থান লাভ কৰে ৷ সম্প্ৰতি বিক্কী কৌশল বলীউডৰ প্ৰসিদ্ধ পৰিচালক আৰু প্ৰযোজক সকলে তেওঁলোকৰ ছুপাৰহিট ছবিসমূহত চুক্তি কৰাব বিচাৰে ৷

দীপিকা পাডুকনৰ বলীউডত সদ্য দৃশ্যগ্ৰহণ কৰা ছপাক ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ এই ছবিখনত দীপিকা পাডুকন লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিব ৷ ইফালে নিজৰ চৰিত্ৰটোৰ বিষয়ে বিশ্লেষণ কৰিবলৈ দীপিকা দিল্লীত উপস্থিত হৈছে ৷ এই ছবি খনত দীপিকা পাডুকনৰ ওপৰিও বিক্ৰান্ত মেছীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

চপাক ছবিখন নিৰ্দেশন কৰিছে মেঘনা গুলজাৰে ৷ ইতিমধ্যে মেঘনা গুলজাৰে “চপাক” ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন দুপাট্টা শ্বেয়াৰ কৰিছে ৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে চপাক ছবিখনৰ কাৰণে ইতিমধ্যে ব্যস্ত হৈ পৰিছে ছবিখনৰ কলা কুশলীসকল ৷ অন্যহাতে মেঘনা গুলজাৰে দীপিকা পাডুকনৰ লগত চপাক ছবিখন মুক্তি দিয়াৰ পিছতে দীপিকা পাডুকনৰ স্বামী তথা বলীউডৰ অভিনেতা ৰনবীৰ সিঙৰ ছবি কৰাৰ আশা কৰিব পাৰি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com