জেছলিন মথাৰু আৰু অনুপ জলোটাৰ প্ৰেম "বিগ বচ" কেন্দ্ৰীক: অনুপ জলোটা

জেছলিন মথাৰু আৰু অনুপ জলোটাৰ প্ৰেম "বিগ বচ" কেন্দ্ৰীক: অনুপ জলোটা
Published on

সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ "বিগ বচ"১২ সম্প্ৰতি দৰ্শকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়।বিশেষকৈ অনুষ্ঠানটোত জচলীন মথাৰু আৰু অনুপ জলোটাৰ সম্পৰ্কটোক লৈ বিগ বচ প্ৰেমীসকলৰ মাজত সততে আলোচনা হৈ থাকে ৷ অনুষ্ঠানটোত জেছলীন মথাৰু আৰু অনুপ জলোটাৰ মাজত গুৰু শিষ্যৰ সম্পৰ্কৰ পৰা গৈ প্ৰেমিকা প্ৰেমিকা সম্পৰ্ক হোৱা কথাই সকলোকে স্তম্ভিত কৰি তুলিছিল ৷

অনুপ জোলাটাৰ পৰা জেছলীন মথাৰুয়ে সংগীতৰ শিক্ষা লৈছিল ৷ কিন্তু বিগ বছৰ পৰা বাহিৰ হৈয়ে অনুপ জলোটাই কয় যে ,জেচলীন আৰু অনুপ জলোটাৰ মাজত কোনো সম্পৰ্ক নাই ৷ যি প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কৰ কথা অনুপ জলোটাই পূৰ্বতে কৈছিল সেয়া "বিগ বছ"ত অংশ গ্ৰহণ কৰিবৰ কাৰণে কৈছিল ৷ লগতে এক অনুষ্ঠানত অনুপ জলোটাই কয় যে, "বিগ বচ"ত অংশগ্ৰহণ কৰিবলৈ "বিগ বছ"ৰ হোষ্ট ছলমান খানে তেওঁক অনুৰোধ কৰিছিল যে অনুপ জলোটাই বিগ বচত অংশ লওক ৷

ইফালে জেছলীনৰ পিতৃ কেশৰ মথাৰুয়েও অনুপ জলোটাক জীয়ৰী জেছলীনৰ লগত বিগ বছত অংশগ্ৰহণ কৰিবলৈ কয়৷গতিকে সকলোৰে আহ্বানৰ মান ৰাখিহে অনুপ জলোটাই "বিগ বচ"ত অংশ লৈছিল ৷ কিন্তু সম্প্ৰতি "বিগ বচ"ৰ পৰা বাহিৰ হৈ অনুপ জলোটা আৰু "বিগবচ" প্ৰতিযোগী শিৱাশীষ মিশ্ৰা আৰু ৰশ্মী বনিকৰ লগত পাৰ্টি কৰা দেখা গ’ল ৷ শেহতীয়াকৈ শিৱাশীষ মিশ্ৰাৰ ইনষ্টাগামত দেখা গ’ল ৰশ্মি বনিক আৰু অনুপ জলোটাক ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com