মনোৰঞ্জন
দিপীকা কাক্কাৰৰ জন্মদিনৰ কিছুমান সুন্দৰ ফটো
দিপীকা কাক্কাৰৰ আৰু এটা বছৰত ভৰি দিলে আৰু ইতিমধ্যে দিপীকাৰ প্ৰথম খন ফিচাৰ ছবি পল্টন মুক্তিৰ বাবে সাজু হৈছে।এইগৰাকী অভিনেত্ৰীৰ জন্মদিনৰ পালন কৰিলে নিজ গৃহত।দিপীকা স্বামী চৌৱেব ইব্ৰাহিমে সোণালী ৰঙৰ ১০০টা বেলুনেৰে আৰু চাৰিওপিনে ৰঙা ৰঙৰ গোলাপ ফুলৰে সমগ্ৰ ঘৰটো সজাই তুলিছে। জানিব পৰা তথ্যানুসৰি,জন্মদিনৰ এই পাৰ্টী নাচ-গান,ভিন্ন খাদ্য সম্ভাৰ,খেলৰে ৰাতিপুৱা ৪বজালৈ চলিছিল।জন্মদিনৰ গোটেই আয়োজন কৰিছিল চৌৱেবে।বৰ্তমান সময়ত দিপীকাই নিজৰ ফিচাৰ ছবিৰ প্ৰমোচনকলৈ ব্যস্ত হৈ আছে।
দিপীকা আহিবলগীয়া ফিচাৰ ছবি পল্টনত দিপীকাৰ বিপৰীতে আছে গুৰমিত চৌধুৰী।য'ত দিপীকা এজন আৰ্মীৰ পত্নী চৰিত্ৰত অভিনয় কৰিব।