দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ বিয়া: উখল মাখল পৰিবেশ যোধপুৰত

দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ  বিয়া: উখল মাখল পৰিবেশ যোধপুৰত

দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ বিবাহক লৈ চৰ্চা হৈ আছে সৰ্বত্ৰে ৷২ আৰু ৩ ডিচেম্বৰত হ’বলগীয়া বিয়াখনক লৈ অনুৰাগীসকলৰ মাজত চৰ্চাৰ অন্ত নাই ৷ যোধপুৰৰ উমেদ ভৱন পেলেচত হ’বলগীয়া বিয়াত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ব্যক্তিগত হেলীকপট্ৰাৰেৰে উপস্থিত হ’বগৈ ৷লগতে বিয়াত নিমন্ত্ৰিত অতিথিসকলো আহিব বিশেষ হেলীকপট্টাৰেৰে ৷ যাৰ কাৰণে উমেদ ভৱন পেলেচত ব্যৱস্থা কৰিছে হেলী পেড ব্যৱস্থা ৷

অন্যহাতে যোধপুৰ বিমান বন্দৰৰ পৰা উমেদ ভৱন পেলেচলৈ বিয়াৰ অতিথিসকলৰ সুবিধাৰ্থে ব্যৱস্থা কৰিছে বিশেষ হেলীকপট্টাৰৰ ৷ ২৯নৱেম্বৰ আৰু ৩ ডিচেম্বৰত প্ৰিয়াংকাৰ ঘনিষ্ঠ আৰু বন্ধু বান্ধবীসকলৰ কাৰণে ব্যৱস্থা কৰা হৈছে এখন হেলীকপট্টাৰৰ ৷ প্ৰিয়াংকাৰ সংগীত আৰু মেহেন্দীৰ অনুষ্ঠান হ’ব ২৯ নৱেম্বৰত ৷ ইফালে "সংগীত"ত নিক জোন্সে নৃত্য কৰিব হলীউডৰ লগতে বলীউডৰ কেইবাটাও গীতত৷ প্ৰিয়াংকা চোপ্ৰাৰ অভিনীত ছবিৰ গীত "পিংগা","দেশী গাৰ্ল","গল্লা গুড়িয়া" আদি গীত নৃত্য প্ৰদৰ্শন কৰিব নিকে ৷

সম্প্ৰতি কৰিঅ’গ্ৰাফাৰ গণেশ হেগড়েৰ ওচৰত নৃত্যৰ আখৰত ব্যস্ত নিক জোন্স ৷ অন্যহাতে,৩০ নৱেম্বৰত প্ৰিয়াংকা আৰু নিকে আয়োজন কৰিছে ককটেল পাৰ্টীৰ ৷ প্ৰিয়াংকা আৰু নিক অৰ্থাৎ নিকয়ংকাই আয়োজন কৰা ককটেল পাৰ্টিটোত উপস্থিত থাকিব প্ৰিয়াংকাৰ ঘনিষ্ঠসকলৰ লগতে বন্ধুু বান্ধবীসকল ৷ ইয়াৰ পিছত,১ ডিচেম্বৰত হ’ব হাল্দী ৷ প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সে দুটা নীতি নিয়মেৰে বিবাহ হ’ব ৷ ২ডিচেম্বৰত হিন্দু আৰু ৩ ডিচেম্বৰত খ্ৰীষ্টিয়ান ৰীতি নীতিৰে বিবাহ হ’ব ৷

দুটা ৰীতি নীতিৰে হ’বলগীয়া প্ৰিয়াংকা আকু নিক জোন্সৰ বিয়াখনত প্ৰিয়াংকাই কোনে ডিজাইন কৰা ড্ৰেচ পৰিধান কৰিব তাক লৈ চৰ্চাৰ অন্ত নাই নিকয়াংকা প্ৰেমীসকলৰ মাজত ৷ হিন্দু ৰীতি নীতিৰে হ’ব লগীয়া বিয়াখনত প্ৰিয়াংকাই পৰিধান কৰিব ডিজাইনাৰ অবু জানী আৰু সন্দীপ খোসলাৰ পোচাক ৷ অন্যহাতে ৩ ডিচেম্বৰত প্ৰিয়াংকাই পৰিধান কৰিব ডিজাইনাৰ Ralph Lauren ৰ পোচাক ৷ বিবাহ উপলক্ষে প্ৰিয়াংকা আৰু নিকে দিল্লী আৰু মুম্বাইত আয়োজন কৰিছে ৰিচিপচন পাৰ্টি ৷বিয়াৰ কিছুদিন পিছত হ’বলগীয়া পাৰ্টিটো দিল্লীৰ এখন 5ষ্টাৰ হোটিলত আয়োজন কৰিছে নিকয়ংকাই ৷

৷ এক বিশেষ সূত্ৰৰ অনুসৰি দিল্লীত হ’বলগীয়া পাৰ্টিটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহু ৰাজনৈতিক নেতা উপস্থিত থাকিব পাৰে ৷ মুম্বাইত হ’বলগীয়া ৰিছিপচন পাৰ্টিটোত বলীউডৰ বহু নামী দামী ষ্টাৰ উপস্থিত থাকিব ৷ বলীউডৰ ভাই ছলমান খানৰ পৰিয়াল,ৰনবীৰ কাপুৰ,আলিয়া ভট্ট,কেটৰীনা কাঈফ, ফৰহান অখতাৰ,সিদ্ধাৰ্থ ৰায় কপুৰৰ লগতে অন্যান্য বহু ষ্টাৰ চুপাৰষ্টাৰ ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিয়াৰ পিছত কইনা প্ৰিয়াংকা চোপ্ৰা আৰু দৰা নিক জোন্সক চাবলৈ অপেক্ষা কৰিব লাগিব অনুৰাগীসকলে ৷ কাৰণ যোধপুৰৰ বিমান বন্দৰৰ পৰা উমেদ ভৱন পেলেচলৈ এক বিশেষ হেলীকপট্টাৰৰ ব্যৱস্থা কৰা কাৰণে অনুৰাগীসকলে অতিথিসকলৰ লগতে দৰা কইনা প্ৰিয়াংকা আৰু নিক জোন্সক চাবলৈ অপেক্ষা কৰিব লাগিব আনুৰাগীসকলে ৷

উল্লেখ্য যে,বলীউডৰ লগতে হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ হলীউডৰ জনপ্ৰিয় গায়ক নিক জোন্সৰ বিয়াখনৰ প্ৰস্তুতি সম্প্ৰতি তুংগত ৷ প্ৰিয়াংকাতকৈ নিক ১০ বছৰে সৰু৷ বয়সৰ বাধাকো হেয় প্ৰতিপন্ন কৰি প্ৰিয়াংকাৰ ষ্টাইল,ব্যক্তিত্ব,সাৱলীলতাই আকৰ্ষণ কৰিলে নিক জোন্সক ৷ আৰু সম্প্ৰতি, চলিত বৰ্ষৰ বিগ চেলীব্ৰেটী বিয়াসমূহৰ ভিতৰত নিকয়ংকাৰ বিয়াখনক লৈ উৎসুক বলীউডৰ লগতে হলীউডৰ অনুৰাগীসকলৰ মাজত ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com