নিক জ’নাছৰ সফলতাত পত্নী প্ৰিয়াংকা চোপ্ৰাৰ আনন্দ

নিক জ’নাছৰ সফলতাত পত্নী প্ৰিয়াংকা চোপ্ৰাৰ আনন্দ

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ ভাতৃৰ Sucker ভিডিঅ’টিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল সৰ্বত্ৰে। নিক জ’নাছ আৰু পৰিয়ালৰ সকলোৱে অভিনয় কৰা Sucker ভিডিঅ’টিয়ে কৰিছে এক নতুন ৰেকৰ্ড ৷জ’নাছ ভাতৃ আৰু প্ৰিয়াংকা চোপ্ৰাৰ এই ভিডিঅ’টিয়ে বিলবোৰ্দ হট ১০০ গীতৰ তালিকাত ১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰিয়াংকা চোপ্ৰা স্বামী নিক জ’নাছৰ সফলতাত অতি সুখী হৈ পৰিছে ৷ এই সন্দৰ্ভত টুইটাৰ যোগে এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে প্ৰিয়াংকা চোপ্ৰাই ৷

https://www.instagram.com/p/Bu7ONnaF3nY/

অন্যহাতে জ’নাছ ভাতৃৰ এই সফলতা প্ৰাপ্ত হৈছে দ্বিতীয় বাৰৰ কাৰণে ৷ পূৰ্বতে ২০০৮ চনত এলবাম ৱাৰ্নিঙত জৰিয়তে ৫ নম্বৰ স্থান পাইছিল । ২০১৩ চনত জ’নাছ ভাতৃ পৃথক হয়। ইয়াৰ পিছত ৬ বছৰৰ পিছত চকাৰ এলবামৰ জৰিয়তে আকৌ অনুৰাগীৰ মাজলৈ ঘূৰি আহে জ’নাছ ভাতৃ। সম্প্ৰতি প্ৰিয়াংকা চোপাৰ নিক জ’নাছ ভাতৃৰ এই সফলতাত যথেষ্ট সুখী ৷ চকৰ ভিডিঅ’টিত প্ৰিয়াংকা চোপ্ৰাৰ উপৰিও নিক জ’নাছ,জ’ জ’নাছৰ গাৰ্ল ফেণ্ড চ’ফীয়ে অভিনয় কৰিছে। ইফালে জ’নাচ পৰিয়ালৰ সকলো একত্ৰিত হৈ নিৰ্মাণ কৰাৰ কাৰণেই এই ভিডিঅ’টিয়ে এক স্থান লাভ কৰিবলৈ সক্ষম হোৱাটো নুই কৰিব নোৱাৰি ৷

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপাৰ আন্তৰাষ্ট্ৰীয় শিল্পী হোৱাৰ সৌভাগ্য হৈছিল কোৱান্টিক’ ধাৰাবাহিকৰ জৰিয়তে৷অভিনেত্ৰী গৰাকীৰ “ৱে বাটচ” ছবিখনৰ পিছত মুক্তি লাভ কৰা আন এখন ছবি হৈছে ইজন্ট ইট ৰোমান্টিক ৷ প্ৰিয়াংকাৰ জ’নাছ ভাতৃৰ লগত মুক্তি লাভ কৰা Sucker গীতে চৰ্চা লাভ কৰিছে ৷ Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷ উল্লেখ্য যে,নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী হৈ পৰিছিল প্ৰিয়াংকা চোপ্ৰা ৷

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com