নিজৰ ব্যক্তিগত বাহন চালকক কিমান টকাৰ উপহাৰ প্ৰদান কৰিলে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে ?

নিজৰ ব্যক্তিগত বাহন চালকক কিমান টকাৰ উপহাৰ প্ৰদান কৰিলে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে ?
Published on

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে শেহতীয়াকৈ নিজৰ ব্যক্তিগত বাহন চালক আৰু আলিয়াক সততে সহায় কৰা অমোল নামৰ এজন ব্যক্তিক ৫০ লাখ টকাকৈ উপহাৰ হিচাপে প্ৰদান কৰে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আলিয়া ভাট্টে দুয়োজন ব্যক্তিগত কৰ্মীক এই সমগ্ৰ টকা মুম্বাইৰ দৰে ঠাইত নিজৰ বাসগৃহ ক্ৰয় কৰিবৰ কাৰণে প্ৰদান কৰে ৷ আলিয়া ভাট্টৰ পৰা এই উপহাৰ পোৱাৰ পিছতে দুয়োজনে জুহুৰ গলী আৰু খাৰ দাণ্ডা অঞ্চলত এটিকৈ ফ্লেট ক্ৰয় কৰে ৷ ইফালে ব্যক্তিগত বাহন চালক সুনীল আৰু অ’মোলে আলিয়াৰ লগত প্ৰথম ছবি ২০১২ চনত মুক্তি লাভ কৰা ষ্টুণ্ডেন্ট অব দ্য ইয়েৰৰ পৰা কাম কৰি আছে ৷ আলিয়াই সুনীল আৰু অ’মোলক দুয়োজনকে পৰিয়ালৰ সদস্য হিছাপে মৰম কৰে ৷

অন্যহাতে আলিয়া ভাট্টে কিছুদিন পূৰ্বে ১৩ কোটি টকাৰ এটা এপাৰ্টেন ক্ৰয় কৰে ৷ আলিয়াৰ নতুন ঘৰটো মুম্বাইৰ জুহুত অৱস্থিত ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি জুহুৰ ঘৰটো ক্ৰয় কৰাৰ সময়ত খবৰ আহিছিল যে বয়ফেণ্ড ৰনবীৰ কাপুৰ আৰু আলিয়াৰ কাৰণে সেই ঘৰটো ক্ৰয় কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷কিন্তু পিছত আলিয়া ভাট্টে এই খবৰ নাকচ কৰে । আৰু আলিয়াই কয় যে মই তাত নাথাকোঁ ৷ মই সেই ঠাইত নিজৰ অফিচ মুকলি কৰিবলৈ ক্ৰয় কৰিছোঁ ৷ য’ত মই মোৰ প্ৰডাকশ্যন হাউচ এটৰ্নেল চানচাইন প্ৰডাকশ্যন মুকলি কৰিম ৷

ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷

সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি “ব্ৰহ্মাস্ত্ৰ”ত একেলগে অভিনয় কৰিব ৷ ইয়াৰ প্ৰাকমুহুৰ্তত আলিয়া ক দেখা যাব ৰনৱীৰ সিঙৰ সৈতে জোয়া আখতাৰৰ ছবি গুলী বয়ত ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ এই ট্ৰেইলৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছে সকলোকে ৷ ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

ইতিমধ্যে বলীউডৰ বহু চৰ্চিত ছবি কলংকৰ সম্প্ৰতি প’ষ্টাৰ ৰিলীজ হৈছে ৷ প’ষ্টাৰত কংলক ছবিত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ লুকে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷ কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com