নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত বলীউড চেলীব্ৰেটীৰ সমাহাৰ

নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত বলীউড চেলীব্ৰেটীৰ সমাহাৰ

নৰেন্দ্ৰ মোডীৰ আজি বিয়লি ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব । শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,উপ ৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ উপৰিও দেশ বিদেশৰ ৮ হাজাৰ অতিথি উপস্থিত থাকিব ৷ উপস্থিত অতিথিসকলৰ তালিকাত বলীউডৰ বহু চেলীব্ৰেটীৰ নাম সন্নিবিষ্ট হৈছে।

ইয়াৰ ভিতৰত কংগনা ৰানাউট,কৰণ জোহৰ,অনিল কাপুৰ,অনুপম খেৰ আৰু হেমা মালিনী সহিতে বলীউডৰ বহু ষ্টাৰ শপত গ্ৰহণ সমাৰোহত ভাগ ল’ব কাৰণে দিল্লীত উপস্থিত হৈছে ৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সমৰ্থক ৷ বিগত লোকসভা নিৰ্বাচনৰ ফলাফলত জয় লাভৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা জ্ঞাপন কৰে কংগনা ৰানাউটে।

সম্প্ৰতি কংগনাৰ সহিতে বহু চেলীব্ৰেটী মুম্বাইৰ বিমান বন্দৰত দেখা পোৱা গৈছে। অন্যহাতে বিগত ২০১৪ চনৰ শপত গ্ৰহণ অনুষ্ঠানতকৈ অধিক বৃহৎ হ’ব মোডীৰ শপত গ্ৰহণ অনুষ্ঠান ৷ ২০১৪ চনত যেতিয়া মোডীয়ে তৎকালীন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰ ওচৰত প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল তেতিয়া প্ৰায় ৩৫০০ অতিথি উপস্থিত আছিল ৷

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত খেল আৰু উদ্যোগপতি আৰু মনোৰঞ্জন জগতৰ প্ৰসিদ্ধ লোকসকল উপস্থিত থাকিব ৷ ইয়াৰ ভিতৰত মুকেশ আম্বানী,গৌতম অডানী, ৰতন টাটা উপস্থিত থাকিব ৷ইয়াৰ উপৰি পীৰামল গ্ৰুপৰ পৰা অজয় পীৰামল,আন্তৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ অধ্যক্ষ ক্ৰিস্তীন লেগাৰ্ড আৰু মাইক্ৰ’চফ্টৰ বিষয়া বিল গেটছ এই সমাৰোহত উপস্থিত থাকিব ৷

খেল জগতৰ প্ৰীতি উষা,ৰাহুল দ্ৰাবিড়,অনিল কুম্বলে,শ্ৰীনাথ,হৰভজন সিং,চাইনা নেহৱাল,পুলেলা গোপীচন্দ,জিমনাষ্ট দীপা কৰ্মকাৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অতিথিৰূপত উপস্থিত থাকিব। বলীউডৰ পৰা শ্বাহৰুখ খান,কংগনা ৰানাউট,সঞ্জয় লীলা ভাঞ্চালী আৰু কৰণ জোহৰক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com