পলকতে চাওঁ আহক কেইটিমান বলীউডৰ খবৰ

পলকতে চাওঁ আহক কেইটিমান বলীউডৰ খবৰ

শ্ৰীলংকাৰ সুন্দৰী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক বলীউডৰ বিগ ব্লাষ্টাৰ ছবিসমূহৰ যোগেদি জনা যায় ৷অভিনেত্ৰী গৰাকীয়ে মাৰ্ডাৰ ২, জিশম,ৰেছ ২, ৰেছ ৩,হাউছফুল ২ আৰু কিক ৰ দৰে ছবিসমূহৰ জৰিয়তে বলীউডত প্ৰতিষ্ঠা লাভ কৰে জেকলিন ফাৰ্নাণ্ডেজে ৷ কোনো গড ফাডাৰ নোহোৱাকৈ বলীউডত খ্যাতি লাভ কৰা জেকলিন ফাৰ্নাণ্ডেজৰ ছ’চিয়েল মিডিয়াত আছে যথেষ্ট অনুৰাগী ৷

শ্ৰীলংকাৰ পৰা মুম্বাইলৈ যাত্ৰাৰ পথ জেকলিনৰ কাৰণে আছিল যথেষ্ঠ কঠিন ৷ এই সন্দৰ্ভত জেকলিন ফাৰ্নাণ্ডেজে কয় যে, সেই সময়ত জেকলিনক সহায় কৰিবলৈ কোনো দ্বিতীয় ব্যক্তি নাছিল ৷ কোনো আদৰ্শ নাছিল ৷লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে জেকলিন ফাৰ্নাণ্ডেজ নিজেই নিজৰ কাৰণে আদৰ্শ ৷ অভিনেত্ৰী গৰাকীয়ে নিজৰ পথৰ নিজেই তৈয়াৰ কৰি লৈছে ৷

প্ৰথমতেই জেকলিনে জানিছিল যে বলীউডলৈ তেওঁৰ যাত্ৰা বাকী সকলোতকৈ পৃথক হ’ব ৷ কাৰণ অভিনয়ৰ প্ৰতি জেকলিন ফাৰ্ণাণ্ডেজৰ আছিল বিশেষ দুৰ্বলতা ৷ অন্যহাতে জেকলিন ফাৰ্ণাণ্ডেজ সম্প্ৰতি সাজু হৈছে সুশান্ত সিং ৰাজপুতৰ লগত ড্ৰাইভ ছবিখনৰ কাৰণে৷ ছবিখন মুক্তি পাব চলিত বৰ্ষত ২৮ জুনত ৷

অভিনেত্ৰী অনুস্কা শৰ্মাৰ বি টাউনৰ চেলীব্ৰেটীসকলৰ ভিতৰত অন্যতম ৷ অৱশ্যে শেহতীয়াকৈ মুক্তি লাভ কৰা অনুষ্কা শৰ্মাৰ জিৰো চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত বিশেষ প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম ন’হল । বিগত বৰ্ষত অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল যে বলীউডৰ লোকসকলৰ মাজত এজনে আনজনৰ প্ৰতি দেখুওৱা সন্মান অতিশয় সীমিত ৷ সময়ৰ লগত খোজ মিলাই আপুনি পৰিপক্কতা লাভ কৰে ৷ সেই পৰিপক্কতাই বিভিন্ন পৰিস্থিতিত লোকসকলৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাত সহায় কৰে ৷

প্ৰিয়াংকা চোপ্ৰাৰ পতি নিক জ’নাছৰ প্ৰশংসাত পঞ্চমুখ হৈছে অভিনেত্ৰী ভূমি পেডনেকাৰ ৷এক অনুষ্ঠানত ভূমি পাডেনেকাৰক প্ৰশ্ন কৰা হয় যে কোন গৰাকী অভিনেত্ৰীৰ পতিক কাল্পনিক ৰূপত ডেট কৰিবৰ কাৰণে ৷উত্তৰত ভূমিয়ে নাম লয় নিক জ’নাছৰ নাম ৷লগতে অভিনেত্ৰী ভূমিয়ে কয় যে নিক জ’নাছৰ গীত শুনি ভূমিয়ে ভাল পায়। লগতে নিক জ’নাছ ভূমিৰ কাৰণে এটি অনুভূতি ৷ নিক জ’নাছক বহুত মৰম লগা বুলিও কয় ভূমি পাডেনেকাৰ ।ইফালে, ভূমি পাডেনেকাৰ সম্প্ৰতি বলীউডত বিভিন্ন ছবিৰ জৰিয়তে নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি ভূমি ব্যস্ত আছে সোনসিৰিয়া আৰু তখতৰ দৰে ছবিত ৷

উৰি অভিনেতা বিক্কী কৌশল যুৱতী সকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ এগৰাকী অনুৰাগীয়ে বিক্কী কৌশলৰ গাৰ্ল ফেণ্ড হাৰলীন সেঠীৰ সম্পৰ্কত ঈৰ্ষা কৰাৰ কথা কয় ৷ সেই সময়তে অভিনেতা বিক্কী কৌশলে হাঁহি কয় যে ঈৰ্ষা নকৰিবা ৷ অৱশ্যে বিক্কী কৌশলে হাৰলীন সেঠীৰ সম্পৰ্কত কোনো মন্তব্য নকৰিলে যদিও কয় যে কাৰোবাৰ মুখত হাঁহি বিয়পাবৰ কাৰণে কেৱল সুখী হ’ব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com