পিতৃৰ দৰেই দুষ্ট টেইমুৰঃ কৰীনা কাপুৰ খান

পিতৃৰ দৰেই দুষ্ট টেইমুৰঃ কৰীনা কাপুৰ খান
Published on

কৰীনা কাপুৰ খান (kareena kapoor khan) আৰু চৈইফ আলি খানৰ পুত্ৰ টেইমুৰ আলি খান বলীউডৰ ষ্টাৰ কিডসকলৰ ভিতৰত অন্যতম ৷বলীউডৰ ষ্টাৰ কিডসকলৰ ভিতৰত টেইমুৰ আলি খানৰ জনপ্ৰিয়তা কিমান সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। টেইমুৰ যে কেৱল দেশবাসীৰে প্ৰিয় তেনে নহয় ৷টেইমুৰ কৰীনা কাপুৰ খান আৰু চেইফ আলী খানৰ পৰিয়ালৰো নয়নৰ মণি ৷

শেহতীয়াকৈ কৰীনা কাপুৰ খানে কণমানি টেইমুৰৰ প্ৰসংগত কয় যে টেইমুৰ পিতৃৰ দৰেই দুষ্ট। লগতে কৰীনাই কয় যে মাতৃ হোৱাটো এক বিশেষ সোভাগ্য আৰু আৱেগিক মুহুৰ্ত ৷টেইমুৰ আলি খানৰ লগত থকা সময় খিনি কৰীনা কাপুৰ খানৰ কাৰণে বহু মহত্ত্ব পূৰ্ণ ৷ কৰীনা কাপুৰ খানে লগতে কয় যে টেইমুৰ আলী খান বহুত মৰম লগা ৷ টেইমুৰ আলি খানে সকলো অনুৰাগীকে মৰমৰে সম্বান্ধিত কৰে ৷

টাইমুৰ আলি খানে সদায় বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ সম্প্ৰতি ভাৰতীয় ছবি ষ্টাৰ কিডসকলৰ ভিতৰত টাইমুৰৰ জনপ্ৰিয়তা শীৰ্ষত ৷ টাইমুৰ যেতিয়াই নিজৰ বাসগৃহৰ পৰা উলাই তেতিয়াই সংবাদ মাধ্যমে আগুৰি ধৰে ৷ এনে সময়তে এটি অনুষ্ঠানত ভাগ ল’বলৈ গৈ টাইমুৰৰ আইতাক শৰ্মিলা ঠাকুৰে টেইমুৰৰ প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত কয় যে মোৰ অনুভৱ হৈছে যে আমি সংবাদ মাধ্যমৰ লগতে থাকিব লাগিব ৷ কাৰণ এইটো সংবাদ মাধ্যমৰ যুগ ৷

মোৰ অনুভৱ যে আমি এই টেণ্ডক অতিক্ৰম কৰি যাব নোৱাৰো ৷ তাতকৈ আমি ইয়াৰ লগত একেলগে আগবাঢ়ি যাওঁ ৷ লগতে টেইমুৰক লৈ সংবাদ মাধ্যমে কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত শৰ্মিলা ঠাকুৰে কয় যে সংবাদ মাধ্যমৰ এই প্ৰতিক্ৰিয়া ঠিক নহয় ৷ কাৰণ টেইমুৰ বহুত সৰু হৈ আছে ৷ মই বহুত পুৰণি বিচৰধাৰাৰ লোক। গতিকে মোৰ অনুভৱ যে শিশু সকলক কেতিয়াও এই পৰিস্থিতি সমূহৰ বিষয়ে অৱগত বা চিনাকী কৰাই দিব লাগে ৷ তথাপিও সংবাদ মাধ্যমে টেইমুৰক লৈ উৎসুকতা প্ৰকাশ কৰি থাকে ৷

এই ক্ষেত্ৰত মই সাৰা পৰা শিকোঁ যে যিসমূহ বস্তক আমি পৰাজয় কৰিব নোৱাৰোঁ ৷ সেইসমূহ বস্তৰ লগত আমি একেলগে আগবাঢ়িবলৈ যত্ন কৰিব লাগে ৷ ইফালে চোটে নবাব টেইমুৰ আলি খানৰ কাৰণে ট্ৰ’লৰ সন্মুখীন হয় কৰীনা কাপুৰ খান ৷ছ’চিয়েল মিডিয়াত এজন লোকে কৰীনাক ট্ৰ’ল কৰি কয় যে টেইমুৰক চাই অনুভৱ হৈছে যে কৰীনা কাপুৰে টেইমুৰক ভালকৈ নুখুৱাই ৷ গতিকে কৰীনা এগৰাকী ভাল মা নহয়। কিন্তু ইয়াৰ পিছতে কৰীনা কাপুৰেও ভালকৈয়ে উত্তৰ দিয়ে লোকজনৰ মন্তব্যত ৷ কৰীনা কয় টেইমুৰ ভোকত থকা নাই ৷ আজিকালি অলপ বেছিকৈ খাইছে টাইমুৰে৷গতিকে মোৰ অনুভৱ টাইমুৰ আগতকৈ শকতহে হৈছে ৷

উল্লেখ্য যে, ২০১৬ চনৰ ২০ ডিচেম্বৰত জন্ম হৈছিল টাইমূৰ আলী খানৰ ৷ চৈইফ আলী খান আৰু মাতৃ কৰীনা কাপুৰ খানৰ একমাত্ৰ সন্তান টাইমূৰ ৷ উল্লেখ্য যে, চৈইফ আলি খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ দুটি সন্তান ৷ সাৰা আলী খান আৰু ইব্ৰাহীম ৷ সাৰা আলী খানে ইতিমধ্যে বলীউডত খোজ পেলাইছে কেডাৰনাথৰ জৰিয়তে ৷ মুক্তিৰ অপেক্ষাত থকা আন এখন ছবি হৈছে “চিম্বা” ৷ ইফালে, চেইফ আলী খানে ২০১২ চনত অভিনেত্ৰী কৰিনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ২০১৬ চনত টাইমূৰ আলিখানৰ জন্ম হয় ৷ ষ্টাৰড’ম লৈয়ে যেন জন্ম হৈছে টাইমূৰ ৷ বলীউডৰ সকলো ষ্টাৰক পিছ পেলাই টাইমূৰ যেন পৰিণত হ’ল ছুপাৰষ্টাৰলৈ ৷ টাইমূৰ প্ৰত্যেকটো মুহুৰ্ত ক্লিক হয় কেমেৰাত ৷ এক কথা ক’বলৈ গ’লে টাইমূৰ যেন এক Sensation ৷ দেশৰ প্ৰায় সংখ্যক জনসাধাৰণৰ চিনাকী টাইমূৰ ৷ টাইমূৰ য’তেই যায়, পিছে পিছে যায় ছ’চিয়েল মিডিয়া ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com