প্ৰত্যাহ্বান পূৰ্ণ অভিনয়েৰে বলীউডলৈ প্ৰত্যাৱৰ্তন অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

প্ৰত্যাহ্বান পূৰ্ণ অভিনয়েৰে বলীউডলৈ প্ৰত্যাৱৰ্তন অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ ২০১৬ চনত মুক্তি পোৱা জয় গংগাজল নামৰ ছবিখনৰ পিছত সম্প্ৰতি বলীউডলৈ পুনৰ উভতি আহিছে দ্য স্কাই ইজ পিংক ৷ সোনালী বোসৰ নিৰ্দেশনত নিৰ্মিত দ্য স্কাই ইজ পিংক ছবিখনত প্ৰিয়াংকা চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ দ্য স্কাই ইজ পিংক ছবিখন ম’টিভেশ্যনেল স্পীকাৰ আয়েশা চৌধৰীৰ জীৱনৰ ওপৰত আধাৰিত। অন্যহাতে এই ছবিখনত প্ৰিয়াংকা চোপ্ৰাই ২২ বছৰৰ পৰা ৬০ বছৰৰ মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷প্ৰিয়াংকা চোপ্ৰাৰ মত অনুসৰি দ্য স্কাই ইজ পিংক ছবিখনত এক বিশেষ অসুখৰ কাৰণে সন্তানক হেৰুৱা এহাল পিতৃ মাতৃৰ কাহিনী আছে ৷ইয়াত পুত্ৰৰ মৃত্যুত দুখ হোৱাৰ বিপৰীতে সুখত বা আনন্দ কৰা দেখা যায় ৷

এক সাক্ষাৎকাৰত প্ৰিয়াংকাই কয় যে,৭ খুন মাফৰ পিছত ২২ বছৰৰ পৰা ৬০ বছৰৰ চৰিত্ৰত অভিনয় কৰাটো এক বৃহৎ প্ৰত্যাহ্বান ৷লগতে চৰিত্ৰটোত অভিনয় কৰিবলৈ যথেষ্ট কষ্ট কৰিব লগীয়া হয় বুলি কয় প্ৰিয়াংকা চোপ্ৰাই। জীৱনত অনাগত দিনত কৰিব লগীয়া অভিনয়ৰ সম্পৰ্কত প্ৰিয়াংকাই কয় যে,ভাৰত আৰু আমেৰিকাৰ দৰ্শকে যেতিয়ালৈকে আদৰি ল’ব,তেতিয়ালৈকে অভিনয় কৰি যাব প্ৰিয়াংকাই ৷ দ্য স্কাই ইজ পিংক ছবি খনত প্ৰিয়াংকা চোপ্ৰাৰ লগত অভিনয় কৰিছে ফাৰহান আখটাৰে। ইয়াৰোপৰি ছবিখনত অভিনয় কৰিছে জায়ৰা ৱচীমে ৷ দ্য স্কাই ইজ পিংক ছবি খন মুক্তি পাব চলিত বৰ্ষৰ ১১ অক্টোবৰত ৷

অন্যহাতে,প্ৰিয়াংকা চোপ্ৰা সম্প্ৰতি দ্য স্কাই পিংকৰ কাৰণে চৰ্চাত আছে ৷ উল্লেখ্য যে,ছবিখন ডিজিটেল প্লেটফৰ্ম নেটফ্লিক্সত উপলব্ধ হ’ব ৷ইফালে সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰাই জ’নাছ ভাতৃৰ লগত মুক্তি লাভ কৰা অন্য এটি গীতে চৰ্চা লাভ কৰিছে ৷Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী প্ৰিয়াংকা চোপ্ৰা ৷ প্ৰিয়াংকা-নিকৰ পৰিয়ালৰ সকলোৰে ইনষ্ট্ৰাগ্ৰামত এই ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷গীতটিত প্ৰিয়াংকা,চ’ফী, ডেনিয়েল সকলোৱে অত্যন্ত আনন্দৰে দৃশ্যগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ নিক জ’নাছৰ লগত প্ৰিয়াংকাৰ এইটো প্ৰথম আৰু বাকী শহুৰ ঘৰৰ লোকসকলৰ লগত প্ৰথম ভিডিঅ’ ৷

উল্লেখ্য যে,সদ্যহতে প্ৰিয়াংকাই দিল্লীলৈ অহাৰ খবৰ নিশ্চয় অনুৰাগী সকলে লাভ কৰিছিল ৷কাৰণ প্ৰিয়াংকা চোপ্ৰাই নিক জ’নাছৰ লগত দিল্লীলৈ অহাৰ খবৰ ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে সকলোকে দিছিল ৷ দিল্লীলৈ স্বামী নিক জ’নাছৰ লগত আহি প্ৰিয়াংকাই ভাগ লৈছিল ভায়েক সিদ্ধাৰ্থৰ আঙঠি পিন্ধোৱাত ভাগ লয় ৷ইফালে প্ৰিয়াংকাই দিল্লীৰ এটি অনুষ্ঠানটো ভাগ লয় ৷ইফালে Sucker শীৰ্ষক গীতটি মুকলি কৰাৰ পিছত প্ৰিয়াংকা চোপ্ৰা,নিক জ’নাছ,জ’ জ’নাছ আৰু ছ’ফি,ডেনিয়েল সকলোৰে ইনষ্ট্ৰাগ্ৰাম পেইজত দেখিবলৈ পোৱা গৈছে গীতটিৰ ভিডিঅ’ আৰু দৃশ্যগ্ৰহণৰ কিছু দৃশ্যাংশ ৷

অন্যহাতে নিক জ’নাছৰ পিতৃ প’ল কেভিন জ’নাছ য়ে নিক জ’নাছৰ Sucker প্ৰত্যক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে দেউতাকৰ জ’নাছ ভাতৃৰ কৰ্মৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ কথাও প্ৰকাশ কৰে নিক জ’নাছে ৷উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা ।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com