প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণত একেলগে কংগনা ৰানাউট আৰু কৰণ জোহৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণত একেলগে কংগনা ৰানাউট আৰু কৰণ জোহৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিয়লি ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰে ৷ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কৌৱিন্দে শপত বাক্য পাঠ কৰোৱাই প্ৰধানমন্ত্ৰীৰ লগতে নতুন মন্ত্ৰী পৰিষদক ৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা ৮০০০ অতিথিৰ লগতে দেশ বিদেশ, খেল তথা মনোৰঞ্জন জগতৰ বহু ৰথী মহাৰথী উপস্থিত থাকে ৷

ইয়াৰ ভিতৰত কংগনা ৰানাউট,অনিল কাপুৰ,অনুপম খেৰ,হেমা মালিনী,সুশান্ত সিং ৰাজপুতৰ লগতে বলীউডৰ বহু চেলীব্ৰেট্টী উপস্থিত থাকে। কিন্তু শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে কংগনা ৰানাউট আৰু কৰণ জোহৰক একেটা ফ্ৰেমতে দেখা গ’ল ৷ সম্প্ৰতি কংগনা আৰু কৰণ জোহৰৰ এই সম্পৰ্কই চৰ্চা লাভ কৰিছে ৷

বলীউডৰ খবৰ ৰখা সকলে কংগনা ৰানাউট আৰু কৰণ জোহৰৰ মাজত থকা সম্পৰ্কৰ কথা জানে ৷কিন্তু সম্প্ৰতি কৰণ আৰু কংগনাৰ মাজত থকা শীতল যুদ্ধখন শেষ হোৱাৰ ইংগিত দিছে কৰণ জোহৰে ৷

কাৰণ,সদ্যহতে কৰণ জোহৰে অভিনেত্ৰী কংগনা ৰাণাউটৰ প্ৰশংসা কৰি কয় যে কংগনা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম ৷ ভৱিষ্যতে মই কংগনাৰ লগত কাম কৰিব বিচাৰো ৷ ইফালে,কংগনা ৰানাউট আৰু কৰণ জোহৰৰ মাজৰ যুদ্ধখন আজিৰ নহয়। দুবছৰৰ পূৰ্বে কংগনা ৰানাউট কৰণ জোহৰৰ কফী উইথ কৰণলৈ আহিছিল ৷ অনুষ্ঠানটোত কংগনাই কৰণৰ ওপৰত নেপোটিজমৰ আৰোপ লগাইছিল ৷ আৰু কংগনা ৰানাউটে মন্তব্য কৰিছিল যে কৰণ বলীউডত ষ্টাৰসকলৰ ভাই ভতিজাক স্থান দিয়ে ৷ কৰণ হৈছে ছবি মাফিয়া ৷

ইয়াৰ পিচতেই কৰণ জোহৰ কংগনা ৰানাউটৰ প্ৰতি ক্ষোভিত হৈ কংগনা পৰা দূৰত থাকে। অন্যহাতে কিছুদিন পূৰ্বে কৰণ জোহৰে কংগনাক কটাক্ষ কৰি কয় যে কৰণ জোহৰে ভাই ভতিজা জাতীয় বিষয়ক পছন্দ নকৰে,অন্য ব্যক্তিয়ে কৰিব পাৰে , সেয়ে মই তেনে ব্যক্তিৰ কথা ক’বলৈ এৰি দিলো ৷মই নিজৰ কাম কৰোঁ ৷ কৰণ জোহৰৰ ইংগিত কংগনাৰ ফালে আছিল ৷

উল্লেখ্য যে কৰণ জোহৰৰ এই মন্তব্যৰ পিছত অনুভৱ হৈছে অনতিপলমে কংগনা ৰানাউটক কৰণ জোহৰৰ ছবিত দেখিবলৈ পোৱা যাব ৷ ইফালে বলীউডৰ দুয়ো গৰাকী ষ্টাৰ সম্প্ৰতি ব্যস্ত আছে নিজৰ নিজৰ কামত ৷

সম্প্ৰতি কংগনাৰ সহিতে বহু চেলীব্ৰেটী মুম্বাইৰ বিমান বন্দৰত দেখা পোৱা গৈছিল। ইয়াৰ ভিতৰত মুকেশ আম্বানী,গৌতম অডানী, ৰতন টাটা উপস্থিত আছিল৷ইয়াৰ উপৰি পীৰামল গ্ৰুপৰ পৰা অজয় পীৰামল,আন্তৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ অধ্যক্ষ ক্ৰিস্তীন লেগাৰ্ড আৰু মাইক্ৰ’চফ্টৰ বিষয়া বিল গেটছ এই সমাৰোহত উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com