প্ৰয়াগৰাজলৈ বলীউডৰ দুই তাৰকাৰ যাত্ৰাঃকিন্তু কোন এই দুই তাৰকা?

প্ৰয়াগৰাজলৈ বলীউডৰ দুই তাৰকাৰ যাত্ৰাঃকিন্তু কোন এই দুই তাৰকা?
Published on

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি "ব্ৰহ্মাস্ত"ৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ কাৰণ,ছবিখনৰ ষ্টাৰ কাষ্ট ৷ছবিখনত অভিনয় কৰিছে ৰনবীৰ কাপুৰ (ranbir kapoor) আৰু আলিয়া ভাট্টে ৷ উল্লেখ্যনীয় যে,ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ প্ৰেম কাহিনীৰ আৰম্ভ হৈছিল এই ছবিখনৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা ৷ ইফালে,মহাশিৱৰাত্ৰিৰ শুভ ক্ষণত আলিয়া ভাট্ট,ৰনৱীৰ সিঙ আৰু ছবি খনৰ কলা কুশলীসকল যাত্ৰা কৰে প্ৰয়াগৰাজলৈ ৷ বিয়লি ৭.৩০ বজাত প্ৰয়োগৰাজত উপস্থিত হৈ কুম্ভৰ পৰাই ছবিখনৰ প্ৰমোশ্যন কৰে ৷

লগত থাকে ব্ৰহ্মাস্ত ছবি খনৰ প্ৰযোজক আয়ান মুখাৰ্জী ৷ইফালে আলিয়াই প্ৰয়োগৰাজলৈ যোৱাৰ সময়ত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ লগতে সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা দিয়াৰ লগতে প্ৰয়োগৰাজৰ এখন মেপ পোষ্ট কৰিছে আলিয়া ভাট্টে ৷ অন্যহাতে বলীউডৰ বহু ৰথী মহাৰথী সকলে মহাশিৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ বিগ বি অমিতাভ বচ্চনে মহাশিৱৰাত্ৰিত টুইটাৰ যোগে ওঁম নমঃ শিৱায় মন্ত্ৰ লিখি শুভকামনা জনায় ৷

অক্ষয় কুমাৰেও মহাদেৱৰ এখন পেইটিঙৰ লগত এক টুইট যোগে মহাশিৱৰাত্ৰিৰ ঘোষণা কৰে ৷ ৰবীনা টেণ্ডেনেও মহা শিৱৰাত্ৰিৰ শুভকামনা দিয়ে ৷ইয়াৰোপৰি প্ৰীতি জিন্দা আৰু প্ৰীতিৰ স্বামী জীন গুডএনাফেও মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে । বলীউডৰ অন্য এগৰাকী অভিনেত্ৰী অমৃতা ৰাওে সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা দিয়ে ৷ অৰ্জুন ৰামপাল,মুগ্ধা গডছে,জেকী ভগনানী,ৰাজকুমাৰ ৰাও আৰু দিলজিত দোচাঞ্জেও শিৱৰাত্ৰিৰ শুভেচ্ছা দিয়ে ৷

অন্যহাতে বলীউডৰ নতুন প্ৰেমিক যুগল আলিয়া ভাট্ট আৰু ৰনবীৰৰ সিঙৰ প্ৰেমে সততে চৰ্চা লাভ কৰে ৷ ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷ ৰনবীৰ আৰু মোৰ মাজৰ সম্পৰ্কটো লৈ হোৱা চৰ্চাই মোক অসুবিধাত নেপেলায় ৷ লগতে আলিয়াই কয় যে মই কেতিয়াও মোৰ ব্যক্তিগত জীৱনক লৈ ভবা নাই ৷ ৰণবীৰ মোৰ জীৱনৰ এটা প্ৰয়োজনীয় অংশ ৷ মই এই অংশটোক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ ৷

অন্যহাতে আলিয়াৰ অনুভৱ হৈছে যে, অনুৰাগীসকলৰ আলিয়াৰ কামতকৈ ব্যক্তিগত জীৱনতহে বিশেষভাৱে দৃষ্টি দিছে ৷ আলিয়াই ৰনবীৰৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সততে কোনো ধৰণৰ মন্তব্য নকৰে । কিন্তু সম্প্ৰতি অনুৰাগী সকলৰ উৎসুক দূৰ কৰিবলৈ যেন মন্তব্য কৰে আলিয়াই ৷ৰনবীৰ কাপুৰৰ পূৰ্বতে বিশেষকৈ দীপিকা পাডুকনৰ লগত থকা সম্পৰ্কৰ কাৰণে বিশেষ চৰ্চা লাভ কৰিছিল ৷ শেহতীয়াকৈ দীপিকা পাডুকন ৰনৱীৰ সিঙৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ ইফালে আলিয়া ভট্টৰ নাম সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল বি টাউনত। শেহতীয়াকৈ ৰনৱীৰ আৰু আলিয়া ভট্ট প্ৰেমৰ সম্পৰ্কলৈ অহাৰ পিছতে আলিয়া আৰু দীপিকা বেষ্ট ফেণ্ড হৈ পৰে ৷ ইয়াৰ পিছত আলিয়া আৰু দীপিকাই কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান “কফী উইথ কৰণ”ত অংশ লয়। আৰু দুয়ো জীৱনৰ বিভিন্ন স্তৰ প্ৰেম,বিবাহ,ষ্টাৰডমৰ প্ৰসংগৰ কথা উল্লেখ কৰে “কফী উইথ কৰণ”ত । কিন্তু যিয়েই নহওক আলিয়া ৰনবীৰৰ অনুৰাগীয়ে বিছাৰে দৃঢ় হৈ ৰওক তেওঁলোকৰ সম্পৰ্ক ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com