বক্স অফিচত সফলতাৰ শিখৰত সদ্য মুক্তি প্ৰাপ্ত ছবি বদলা

বক্স অফিচত সফলতাৰ শিখৰত সদ্য মুক্তি প্ৰাপ্ত ছবি বদলা
Published on

বলীউডৰ বিগ বি অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ অভিনীত বদলা ছবিখনে এই সপ্তাহত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ শুক্ৰবাৰে মুক্তি পোৱা ছবিখনে প্ৰথম দিনা ৫.০৪ কোটি টকা,শনিবাৰে ৮.৫৫ কোটি টকা আৰু দেওবাৰে ৯.৬১ কোটি টকা উপাৰ্জন কৰে ৷ ছবিখনে তিনিদিনত মুঠতে ২৩.২০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বদলা ছবিখনৰ সফলতাৰ সন্দৰ্ভত ট্ৰেড এনালিষ্ট অ’মেদ মেহেৰাই কয় যে ছবি খনৰ প্ৰদৰ্শন উন্নত হৈছে ৷সীমিত পৰিমাণৰ স্কীনত মুক্তি পোৱা ছবিখনক দৰ্শকে আদৰি লৈছে ৷

অন্য এজন ছবি সমীক্ষক নৰেন্দ্ৰ গুপ্তাই কয় যে বদলা ছবি খন ২৫ কোটি বাজেটেৰে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু ছবিখনে প্ৰথম সপ্তাহতে ২৩ কোটি টকা উপাৰ্জন কৰিলে ৷ অনাগত সপ্তাহত ছবি খনে ১০ কোটি উপাৰ্জন কৰিব ৷ গতিকে ছবিখনৰ মুঠ উপাৰ্জন ৫০ কোটি টকা হ’ব পাৰে । প্ৰথমৰ পৰা শেষলৈকে উৎসুকতা বজায় ৰাখিব পৰাটো বদলা ছবিখনৰ কাৰণে উল্লেখ্যনীয় দিশ ৷লগতে ছবিখনৰ ট্ৰেইলৰটো যথেষ্ট আকৰ্ষণ কৰিছে দৰ্শকক ৷

বদলা ছবিখন এখন থ্ৰিলাৰ ছবি ৷ ছবিখনত তাপ্সী পান্নুয়ে এক হত্যাকাণ্ডত অভিযুক্ত এগৰাকী ব্যৱসায়ী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ নাম নেনা চেঠী ৷ ইফালে বলীউডৰ বিগ বি অমিতাভ বচ্চনে বাদল গুপ্তা নামেৰে এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ বদলা ছবি খনৰ কাহিনী উৎসুকতাৰে পৰিপূৰ্ণ ৷

ছবিখনৰ প্ৰথমতেই নেনা চেঠীক বহুত চিন্তিত দেখা যায় ৷ কাৰণ যিখন হোটেলৰ কোঠাত নেনা চেঠীয়ে প্ৰেমিকক লগ কৰিবলৈ গৈছিল,সেই খন হোটেলতে প্ৰেমিক অৰ্জুন মেহতাৰ হত্যা হয়৷ আৰু সেই হত্যাকাণ্ডটোৰ অভিযোগত অভিযুক্ত হয় নেনা চেঠী অৰ্থাৎ তাপ্সী পান্নু ৷কাৰণ সেই সময়ত সেই কোঠাটোত নেনাৰ বাহিৰে কোনো দ্বিতীয় জন ব্যক্তি নাছিল ৷ পিছত নেনাৰ মন্তব্য যে এই হত্যিকাণ্ডটোৰ লগত তেওঁ জড়িত নহয় কাৰণ নেনা আৰু অৰ্জুনক কোনোবাই ব্লেকমেইল কৰি আছিল ৷ আৰু নেনাই অৰ্জুনক লগ কৰিবলৈ আহিছিল ৷

সুজয় ঘোষে ছবিখনত প্ৰথমৰ পৰা শেষলৈকে উৎসুকতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ৷ সুজয় ঘোষৰ ছবি সমূহ প্ৰধান চৰিত্ৰসমূহৰ ভৰষাতেই থাকে ৷ ব্যতিক্ৰম নহয় এই ছবিখনো ৷বিগ বি অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ মাজত এটা কোঠাত এনেধৰণৰ কিছুমান দৃশ্য উপস্থাপন কৰা হৈছে য’ত বিভিন্ন অনুভৱ,আবেগ প্ৰকাশ পাইছে ৷ দুয়োজনৰ মাজত নিৰৱতাও বহুত কথা কয় ৷ লগতে সংলাপ সমূহো যথেষ্ট শক্তিশালী ৷ অন্যহাতে ছবিখনৰ সমালোচকসকলে কোৱা অনুসৰি অমিতাভ বচ্চনৰ শক্তিশালী অভিনয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷

ইফালে ছবিখনৰ কলা কুশলীয়ে এক বিশেষ অনুষ্ঠানৰ দ্বাৰা বদলা প্ৰমোশ্যনৰ কৰিছিল ৷ কিন্তু অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চন আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে অতি আনন্দৰে,ধেমেলীয়াৰে আগবঢ়াই নিছিল ৷ প্ৰায় ৮ মিনিট ৬ ছেকেণ্ডৰ অনুষ্ঠানটিত বিগ বি অমিতাভ বচ্চন আৰু বাদশ্বাহ শ্বাহৰুখ খানে যথেষ্ট আনন্দ কৰিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com