বটদ্ৰৱা থানত আশীষ ল'লে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই

বটদ্ৰৱা থানত আশীষ ল'লে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই
Published on

অসমৰ সংগীত জগতৰ উজ্বল তাৰকা তথা সংগীত ৰত্ন প্ৰয়াত খগেন মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তই আজি বিয়লিৰ ভাগত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত উপস্থিত হৈ কীৰ্তন ঘৰত গুৰু আসনৰ সন্মুখত আঠু লৈ সেৱা গ্ৰহণ কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে পাপনক গুৰু জনাৰ সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰু পুৰুষে শকতি দিয়ক বুলি আশীষ নিৰ্মালি দিয়ে।

বটদ্ৰৱা থানৰ প্ৰাচীন কীৰ্তিচিহ্ন,পদশিলা, শিলিখা বৃক্ষ , টেম্বুৱানীজানৰ সংৰক্ষিত অংশ বিশেষ, আকাশী গংগাৰ তীৰৰ মনোৰম প্ৰকৃতিৰ নয়না ভিৰাম দৃশ্য ৰাজি উপভোগ কৰি আপ্লুত হোৱা পাপনে কয় যে জাতীয় ঐতিহ্যৰ শিপা বিচাৰি মই বটদ্ৰৱা লৈ আহিছো। বটদ্ৰৱা লৈ আহিবলৈ গুৰুৰ কৃপাদৃষ্টি লাগিব বুলি নিজৰ মন্তব্যত পাপনে উল্লেখ কৰে।

বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গৰ গীত মাত , বাদ্য ভাণ্ড, নাম প্ৰসঙ্গৰ প্ৰণালীবদ্ধ চৰ্চা আৰু ব্যৱহাৰিক দিশৰ সন্দৰ্ভত এক তথ্য চিত্ৰৰ বিশেষ দৃশ্য শ্ৰব্য গ্ৰহনৰ কামত বটদ্ৰৱাত উপস্থিত হোৱা পাপনক শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ধৰ্মবস্ত্ৰ আৰু গ্ৰন্থৰে সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে আদৰণী জনাই। সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁতধৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা , আন এগৰাকী সহকাৰী সম্পাদক যোগেন শইকীয়া , কোষাধ্যক্ষ ঘনশ্যাম নাথ , কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ শইকীয়া ধৰি কেইবাগৰাকী লোক উপস্থিত আছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com