বদলা ছবিত বিগ বিৰ মন জয় কৰা অভিনয়ে সন্তুষ্টি দিছে চলচ্চিত্ৰ প্ৰেমীক

বদলা ছবিত বিগ বিৰ মন জয় কৰা অভিনয়ে সন্তুষ্টি দিছে চলচ্চিত্ৰ প্ৰেমীক

Published on

পিংক ছবিৰ পিছত বলীউডত বদলা ছবিৰ জৰিয়তে আকৌ চলচ্চিত্ৰ প্ৰেমীক আমোদ দিছে তাপ্সী পান্নু আৰু অমিতাভ বচ্চনে ৷ বদলা ছবিখন এখন থ্ৰিলাৰ ছবি ৷ ছবিখনত তাপ্সী পান্নুয়ে এক হত্যাকাণ্ডত অভিযুক্ত এগৰাকী ব্যৱসায়ী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ নাম নেনা চেঠী ৷ ইফালে বলীউডৰ বিগ বি অমিতাভ বচ্চনে বাদল গুপ্তা নামেৰে এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ বদলা ছবি খনৰ কাহিনী উৎসুকতাৰে পৰিপূৰ্ণ ৷

ছবিখনৰ প্ৰথমতেই নেনা চেঠীক বহুত চিন্তিত দেখা যায় ৷কাৰণ যিখন হোটেলৰ কোঠাত নেনা চেঠীয়ে প্ৰেমিকক লগ কৰিবলৈ গৈছিল,সেই খন হোটেলতে প্ৰেমিক অৰ্জুন মেহতাৰ হত্যা হয়৷ আৰু সেই হত্যাকাণ্ডটোৰ অভিযোগত অভিযুক্ত হয় নেনা চেঠী অৰ্থাৎ তাপ্সী পান্নু ৷কাৰণ সেই সময়ত সেই কোঠাটোত নেনাৰ বাহিৰে কোনো দ্বিতীয় জন ব্যক্তি নাছিল ৷ পিছত নেনাৰ মন্তব্য যে এই হত্যিকাণ্ডটোৰ লগত তেওঁ জড়িত নহয় কাৰণ নেনা আৰু অৰ্জুনক কোনোবাই ব্লেকমেইল কৰি আছিল ৷ আৰু নেনাই অৰ্জুনক লগ কৰিবলৈ আহিছিল ৷

দৰাচলতে ছবি খনত নেনা এগৰাকী বিবাহিত মহিলা ৷ ইয়াৰোপৰি নেনা এটি সন্তানৰ মাতৃও । লগতে ছবি খনত নেনা গুপ্তাৰ অবৈধ সম্পৰ্কটোও দেখুওৱা হৈছে ৷ গতিকে নেনা আৰু অৰ্জুনক ব্লেকমেইল কৰি থকাৰ কথা কয় অধিবক্তা বাদল গুপ্তা অৰ্থাৎ অমিতাভ বচ্চনক ৷ নেনাক অধিবক্তা গুপ্তাই সকলো সৰু সৰু কথা সোধে৷কিন্তু নেনাই ক’বলৈ অপৰাগ ৷কাৰণ বিশ্বাস কৰিব নোখোজে অধিবক্তা গুপ্তা ৷ প্ৰশ্ন হয় সচাঁকৈয়ে এই হত্যা কাণ্ডটো নেনাই সংঘটিত কৰিলে নেকি? এই উত্তৰ আপোনালোকে পাব৷ কিন্তু ছবি খন ছোৱাৰ পিছত ৷

সুজয় ঘোষে ছবিখনত প্ৰথমৰ পৰা শেষলৈকে উৎসুকতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ৷ সুজয় ঘোষৰ ছবি সমূহ প্ৰধান চৰিত্ৰসমূহৰ ভৰষাতেই থাকে ৷ ব্যতিক্ৰম নহয় এই ছবিখনো ৷বিগ বি অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ মাজত এটা কোঠাত এনেধৰণৰ কিছুমান দৃশ্য উপস্থাপন কৰা হৈছে য’ত বিভিন্ন অনুভৱ,আবেগ প্ৰকাশ পাইছে ৷ দুয়োজনৰ মাজত নিৰৱতাও বহুত কথা কয় ৷লগতে সংলাপ সমূহো যথেষ্ট শক্তিশালী ৷অন্যহাতে ছবিখনৰ সমালোচকসকলে কোৱা অনুসৰি অমিতাভ বচ্চনৰ শক্তিশালী অভিনয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷

অমিতাভ বচ্চনে লাহে লাহে নেনা গুপ্তাৰ ভৰষা,বিশ্বাস পাবলৈ আৰম্ভ কৰি বহুত কথা নেনাৰ পৰা সংগ্ৰহ কৰে ৷ কিন্তু নেনা গুপ্তাই অৰ্থা তাপ্সী পান্নুৱে চৰিত্ৰটোৱে বিচৰা ধৰণে অভিনয় কৰাত বিফল হয় ৷ ইফালে দীঘলীয়া বিৰতিৰ পিছত অভিনেত্ৰী অমৃতা সিং উভতি আহিছে ছবি জগতলৈ ৷ অমৃতা সিং পুত্ৰ হেৰুৱাৰ এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ সুজয় ঘোষে বদলা ছবি খনৰ শেষলৈকে উৎসুকতা বৰ্তাই ৰখাত সফল হৈছে ৷ লগতে বিগ বি অমিতাভ বচ্চনৰ অভিনয়ে চলচ্চিত্ৰ প্ৰেমীক সুখী কৰাৰ উপৰিও সফল হৈছে কলা কুশলী সকল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com