বলীউড টলীউডৰ মিশ্ৰিত অভিনয়েৰে 2.0: মুক্তিৰ আগতেই উপাৰ্জন ১০০ কোটি

বলীউড টলীউডৰ মিশ্ৰিত অভিনয়েৰে 2.0: মুক্তিৰ আগতেই উপাৰ্জন ১০০ কোটি

সদ্যহতে মুক্তি লাভ কৰা ছবি 2.0 ৰ চৰ্চাৰ শীৰ্ষত আছে চলচিত্ৰ প্ৰেমীসকলৰ মাজত৷ বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ ছবি আহিলে বিশেষ উৎসুকতা দেখা যায় চলচিত্ৰ প্ৰেমীসকলৰ মাজত৷ কিন্তু এইবাৰ অক্ষয় কুমাৰৰ লগত ছবিখনত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে৷অক্ষয় কুমাৰ আৰু ৰজনীকান্ত অৰ্থাৎ বলীউড আৰু টলীউডৰ দুজন ছুপাৰষ্টাৰে অভিনয় কৰা 2.0 ৰ ট্ৰেইলৰটোৱে বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল চলচিত্ৰ প্ৰেমীসকলৰ মাজত ৷

2.0 য়ে মুক্তিৰ আগতেই প্ৰায় 120 কোটি টকাৰ উপাৰ্জন কৰাৰ জৰিয়তে,প্ৰতিপন্ন কৰিছে 2.0 ছবিখন লৈ চলচিত্ৰ প্ৰেমীসকল কিমান আগ্ৰহী ৷ গতিকে সম্প্ৰতি 2.0ৰ মুক্তিৰ পিছত ছবিখনে অত্যাধিক উপাৰ্জন সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ লগতে, বি টাউনত 2.0 ছবিখনে ২০১৭ বৰ্ষৰ অত্যাধিক উপাৰ্জন কৰা ছবিসমূহৰ ৰেকৰ্ড ভংগ কৰাৰ গুজব ওলাইছে ৷ এইবাৰ প্ৰযোজক ৰাজামৌলি "বাহুবলী 2 দ্য কনক্লুজন"ছবিখনে কাহিনী,চিত্ৰনাট্য, অভিনয় আদিৰ সুন্দৰ উপস্থাপনেৰে ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷

দক্ষিনৰ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু অনুস্কা চেট্টিৰ সাৱলীল অভিনয়েৰে বাহুবলী 2 য়ে চলচ্চিত্ৰ প্ৰেমীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ 2.0 য়েও বাহুবলী 2 দৰে বক্স অফিচত সফলতা লাভ কৰিব বুলি আশাবাদী ছবিখনৰ কলাকুশলীসকল ৷ অন্যহাতে মুক্তিৰ পূৰ্বেই ১০০কোটি উপাৰ্জন কৰা 2.0 হৈছে একমাত্ৰ ছবি ৷ ইফালে,ৰাজামৌলিৰ ব্লকবাষ্টাৰ ছবি "বাহুবলী 2"ক প্ৰায় ৯০০০ হাজাৰ টা ছবিগৃহত দেখাইছিল ৷কিন্তু 2.0ক প্ৰায় ১০০০০ টা ছবিগৃহত দেখাব ৷

গতিকে 2.0 য়ে "বাহুবলী 2" ৰ ৰেকৰ্ড ভংগ কৰা কৰিব বুলি আশা কৰা হৈছে ৷ 2.0 ছবিখন মাত্ৰ ২ঘন্টা ২৮ মিনিট ।কিন্ত ছবিখনৰ বাজেট ৫০০ কোটি টকা৷উল্লেখ্য য,এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,মুক্তিৰ পূৰ্বে ছবি খনৰ পাইৰেচি ৰোধ কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে দ্বাৰস্থ হৈছিল 2.0 ৰ প্ৰযোজক সংস্থা লাইকা প্ৰডাকশ্যন ৷

কিন্তু পাইৰেছী ৰোধ কৰাৰ বিভিন্ন পদক্ষেপ লোৱাৰ পিছতো পুনৰ ভিজিটৰসকলক আকৰ্ষণৰ চেষ্টা চলাইছে তামিল ৰকাৰ্ছ নামৰ পাইৰেটেড ৱেবচাইটটোৱে৷ গতিকে এই কথাই চিন্তিত কৰিছে ৰজনীকান্তকে ধৰি 2.0 ৰ বাকী কলাকুশলীসকলক ৷ উল্লেখ্য যে, 2.0 হৈছে ২০১০ চনত নিৰ্মিত ৰজনীকান্ত আৰু ঐশ্বৰ্য ৰায়ৰ অভিনীত "এনথীৰন" ছবিখনৰ ছিকুৱেল ৷ গতিকে 2.0 য়ে,বক্স অফিচত যে ধুমুহাৰ সৃষ্ট কৰিব,সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com