বলীউড সুন্দৰী আলিয়া ভাট্টলৈ জন্ম দিনৰ বহুত শুভেচ্ছা

বলীউড সুন্দৰী আলিয়া ভাট্টলৈ জন্ম দিনৰ বহুত শুভেচ্ছা
Published on

আজি আলিয়া ভাট্টৰ জন্ম দিন ৷ প্ৰথমতে আলিয়া ভাট্টলৈ জন্ম দিনৰ বহুত শুভেচ্ছা ৷ ১৯৯৩ চনৰ ১৫ মাৰ্চত জন্ম গ্ৰহণ কৰিছিল আলিয়া ভাট্টে ৷ ভাৰতীয় ছবি নিৰ্দেশক মহেশ ভাট্ট আৰু অভিনেত্ৰী সোনী ৰাজদানৰ সন্তান আলিয়া ভাট্ট ৷ পুজা ভাট্ট আৰু ৰাহুল ভাট্ট হৈছে আলিয়াৰ ভগ্নী আৰু ভাতৃ ৷ ইফালে ইমৰান হাছমী আৰু মোহিত ছুৰী হৈছে আলিয়াৰ সম্পৰ্কীয় ভাতৃ ৷ আলিয়া এগৰাকী অভিনেত্ৰী হিছাপে বলীউডত পদাৰ্পন কৰিছিল ২০১২ চনৰ ছুপাৰ হিট ছবি ষ্টুডেন্ড অৱ দ্য ইয়েৰৰ জৰিয়তে ৷ইয়াৰ পিছত আলিয়াই ইমতিয়াজ আলীৰ ছবি হাই ৱে,টু ষ্টেটচ আৰু হামটি শৰ্মা কী দুলহনীয়া ছবিত অভিনয় কৰে ৷

বলীউডত আলিয়াৰ অভিনয়ৰ কাৰণে বহু পুৰস্কাৰেৰে সমাদৃত হয় ৷ আলিয়াই সিদ্ধাৰ্থ মালহোত্ৰা,বৰুণ ধাৱন,ঋষি কাপুৰ,ৰণদীপ হুড্ডা,অৰ্জুন কাপুৰ,ৰ’নীত ৰায়,ৰিতেশ দেশমুখ,চাহিদ কাপুৰ,দিলজীত ডোচাঞ্জ,ৰনবীৰ কাপুৰ আৰু শ্বাহৰুখ খানৰ দৰে অভিনেতাৰ লগত কাম কৰে ৷ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে আলিয়া এগৰাকী সফল মডেলো ৷ লগতে এগৰাকী গায়িকা হিচাপেও চিনাকী দিছে আলিয়াই ৷ আলিয়াৰ মোহনীয়তা,অভিনয় দক্ষতাৰ কাৰণে কোটি কোটি অনুৰাগীৰ প্ৰিয় অভিনেত্ৰী গৰাকী ৷

আলিয়াৰ ৰাজী ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ এই ছবিখনৰ জৰিয়তেই আলিয়াৰ হিন্দী ছবিত তথা বলীউডত প্ৰাধান্য কিমান সেয়া অনুভৱ কৰিব পাৰি ৷ জন্ম দিনৰ শুভক্ষণত আলিয়াই এক বিশেষ ধৰণে উদযাপন কৰিছে ৷ এক বিশেষ সূত্ৰৰ অনুসৰি আলিয়াই মাতৃ সোনী ৰাজদানৰ ছবি ন’ ফাদাৰ্ছ ইন কাশ্মীৰ ছবিখন প্ৰমোট কৰিব ৷ এই ছবিখন জন আব্ৰাহামৰ ৰোমিয় অকবৰ ৱাল্টৰৰ লগত মুক্তি পাব ৷ ইফালে এই ছবিখনৰ সন্দৰ্ভত চেন্সৰ বোৰ্ডৰ লগত বিগত আঠ মাহৰ পৰা হোৱা মতভেদৰ পিছত মুক্তি পাবৰ কাৰণে আগবাঢ়িছে ৷এই সময়ত মাতৃ সৈতে একেলগে চেন্সৰ ব’ৰ্ডৰ লগত যুঁজ দিছিল আলিয়াই ৷ আৰু সম্প্ৰতি ছবিখন ৫ এপ্ৰিলত মুক্তি পাব ৷

এক বিশেষ সূত্ৰৰ মতে ছবিখনৰ টিজাৰ আলিয়াই ৰিলীজ কৰিব ৷ এই ছবিখন পৰিচালনা কৰিছে অস্কাৰত নমিনেশ্যন পোৱা পৰিচালক অশ্বিনী কুমাৰে ৷ ইফালে আলিয়া সম্প্ৰতি ব্যস্ত আছে কলংক ছবিৰ দৃশ্য গ্ৰহণত ৷ অলপতে কলংক ছবিৰ টিজাৰ মুক্তি পাইছে। চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ ট্ৰেইলটোত । ইয়াৰ পিছত ধুনীয়া পৰিবেশত আলিয়াক এখন নাওত উঠি গৈ থকা দেখিবলৈ পোৱা যায়।

অন্যহাতে প্ৰেমৰ ক্ষেত্ৰত আলিয়াৰ নাম সম্প্ৰতি জৰিত হৈ আছে ৰনবীৰ কাপুৰৰ লগত। দুয়োজনকে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছে । এই ক্ষেত্ৰত আলিয়াই কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷ ৰনবীৰ আৰু মোৰ মাজৰ সম্পৰ্কটো লৈ হোৱা চৰ্চাই মোক অসুবিধাত নেপেলায় ৷ লগতে আলিয়াই কয় যে মই কেতিয়াও মোৰ ব্যক্তিগত জীৱনক লৈ ভবা নাই ৷ ৰণবীৰ মোৰ জীৱনৰ এটা প্ৰয়োজনীয় অংশ ৷ মই এই অংশটোক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ ৷ যিয়েই নহওঁক আলিয়াৰ জন্ম দিনৰ শুভক্ষণত আলিয়ালৈ জনাইছো বহুত শুভকামনা ।লগতে অনাগত দিনৰ যাতে বহু ছুপাৰহিট ছবিৰে অনুৰাগীক আপ্লুত কৰিব পাৰে তাৰেই বহুত শুভেচ্ছা ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com