বলীউডত সাৰা আলী খানৰ জয়যাত্ৰা

বলীউডত সাৰা আলী খানৰ জয়যাত্ৰা

বলীউডৰ ষ্টাৰ কিড সাৰা আলী খান এক ছুপাৰষ্টাৰৰ দৰে সম্প্ৰতি উদ্ভাষিত হৈ উঠিছে ৷ বিগত বৰ্ষত অভিষেক কাপুৰৰ কেদাৰনাথ ছবি খনৰ জৰিয়তে সুশান্ত সিং ৰাজপুতৰ লগত অভিনয় কৰি বলীউডত পদাৰ্পন কৰে সাৰা আলী খানে ৷অভিনেতা চেইফ আলী খান আৰু প্ৰাক্তন পত্নী অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খানে বলীউডত নতুনকৈ পদাৰ্পন কৰা সকলো নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰী সকলক অতিক্ৰম কৰি এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। সাৰা আলি খানৰ প্ৰথম ছবিখন মুক্তিৰ দুমাহৰ পিছতেই অন্য এখন ছবিৰে বলীউডত ধুমুহাৰ সৃষ্টি কৰে ৷

ৰণৱীৰ সিঙৰ লগত অভিনয় কৰা চিম্বা ছবি খনত সাৰা আলি খানে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷চিম্বা ছবি খনে বিগত বৰ্ষত এখন ব্লক ব্লাষ্টাৰ ছবি ৰূপে বলীউডত নিজৰ স্থান দখন কৰিবলৈ সক্ষম হয়। সাৰা আলি খানৰ বক্স অফিচত কৰা ইখনৰ পিছত সিখন ছবিয়ে প্ৰথম বাৰৰ কাৰণে ফিল্ম ফেয়াৰ আলোচনীৰ কভাৰ পেজত নিজক প্ৰতিষ্ঠা কৰিবলৈ কৰিবলৈ ৷ সাৰাৰ অসাধাৰণ সৌন্দৰ্য্যই আলোচনীখনক এক বিশেষ ৰূপ দিছে ৷যাৰ কাৰণে আপুনিও সাৰাৰ সৌন্দৰ্য্যৰ পৰা চকু আঁতৰাব নোৱাৰিব।আকৰ্ষণীয় ব্যক্তিত্বৰে সাৰা হৈছে এগৰাকী মধুভাষী অভিনেত্ৰী ৷ সাৰাৰ চুলবুলি স্বভাৱে মোহিত কৰে সকলোকে ৷লগতে অভিনেত্ৰী গৰাকী কথা কোৱাৰ অংগী ভংগীয়ে মোহিত কৰে অনুৰাগীক৷

উল্লেখ্য যে সাৰা আলি খান আৰু চেইফ আলি খানৰ দ্বিতীয় পত্নী কৰীণা কাপুৰ খান সম্পৰ্কটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সকলোৱে ৷এই সন্দৰ্ভত সাৰাৰ কৰণ জোহৰৰ অনুষ্ঠান কফী উইথ কৰণত কয় যে,,কৰীনা কাপুৰ খানে নিবিচাৰে যে সাৰাই কৰীনাক “চোটি মা” বুলি মাতক ৷সাৰাই কৈছিল যে চৈইফ আৰু কৰীনাৰ বিয়াৰ পিছত কৰীনাক “আন্টি” অথবা “চোটি মা”বুলি কোৱাৰ প্ৰসংগত কয় যে, কৰীনাই নিবিচাৰে যে সাৰাই কৰীনাক “চোটি মা” বা আন্টি বুলি কওক ৷ কাৰণ কৰীনাৰ ভাষ্য অনুসৰি সাৰাৰ লগত এগৰাকী সুদক্ষ মাতৃ আছেই ৷ তেনে স্থলত কৰীনা সাৰাৰ এগৰাকী ভাল বন্ধু হৈ থাকিব বিচাৰে ৷ কৰীনা কাপুৰ খানে সাৰাই “কৰীনা” অথবা “K” বুলি কোৱাটো বিচাৰে ৷ লগতে সাৰাই কয় যে সম্প্ৰতি তেওঁলোকৰ পৰিয়ালৰ সকলো সুখী ৷ মাতৃ অমৃতা সিং,চৈইফ আলী খান,কৰীনা কাপুৰ খান সকলো নিজৰ ঠাইত সুখী।

অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনাই সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷এই সন্দৰ্ভত এক অনুস্থানত কৰীনাই অমৃতা সিঙৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে, সাৰা আৰু ইব্ৰাহীমৰ লগত ইতিমধ্যে এগৰাকী মাতৃ আছেই ৷ যি গৰাকী মাতৃয়ে সাৰা আৰু ইব্ৰাহীমক সকলো শিক্ষাৰ শিক্ষিত কৰি গঢ়ি তুলিছে ৷ যি গৰাকী মাতৃয়ে তেওঁৰ দুই সন্তানক উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিছে ৷সেই গৰাকী মাতৃৰ স্থান কৰীনাই কেতিয়াও ল’ব নিবিছাৰে। কিন্তু কৰীনা সকলো সময়তে সাৰা আৰু ইব্ৰাহীমৰ বন্ধু হৈ তেওঁলোকৰ লগত থাকিব ৷জীৱনৰ যিকোনো মুহুৰ্ততে ভাল-বেয়া সকলো সময়তে কৰীনা তেওঁলোকৰ লগত থাকিব বুলি মন্তব্য কৰে কৰীনা কাপুৰ খানে ৷

লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়। সাৰাৰ অভিনয় সম্পৰ্কত কৰীনাই কয় যে, অভিনেত্ৰী কৰীনাই শ্বুটিঙস্থলীত গৈহে অভিনয় কৰিব লগা চৰিত্ৰটোৰ বিষয়ে অধ্যয়ন কৰে ৷কিন্তু সাৰা এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ সাৰা আলী খানৰ অভিনয় জন্ম প্ৰদত্ত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com