বলীউডত ১০০ কোটিৰ লক্ষ্যৰে ট’টেল ধামালৰ জয়যাত্ৰা

বলীউডত  ১০০ কোটিৰ লক্ষ্যৰে  ট’টেল ধামালৰ জয়যাত্ৰা

বলীউডৰ কমেডী ছবি ট’টেল ধামালৰ বক্স অফিচত উপাৰ্জনৰ জয় যাত্ৰা অব্যাহত আছে ।ছবিখনে মুক্তি পোৱা ৮ দিনত ভাৰতত ৪.৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেকৈয়ে ছবি খনে বিগত ৮ দিনত মুঠ ৯৯কোটি ৩০ লাখ টকা উপাৰ্জন কৰিছে ৷সামগ্ৰিক মাৰ্কেটত ছবিখনে এক সপ্তাহত উপাৰ্জন কৰিবলৈ সক্ষম হয় ২০.৯৫ কোটি টকা । লুকা চুপ্পী আৰু সোনচিৰিয়া ছবি মুক্তি পোৱাৰ পিছত ট’টেল ধামাল ছবিখনৰ উপাৰ্জনত প্ৰভাৱ পৰিছে যদিও "ট’টেল ধামাল" ছবিখনে বক্স অফিচত ধামাল কৰি আছে ৷ইফালে ১০০ কোটি টকা উপাৰ্জন কৰাৰ তালিকাত অন্তৰ্ভূক্ত হ’বলৈ যোৱা ট’টেল ধামাল ছবিখন হৈছে অজয় দেৱগনৰ ৯ নম্বৰৰ ছবি ৷১০০ কোটিৰ তালিকাত অন্তৰ্ভূক্ত হোৱা অজয় দেৱগনৰ ছবিসমূহৰ ভিতৰত আছে ২০১০ চনত মুক্তি পোৱা গোলমাল ৩,২০১৭ বৰ্ষত মুক্তি পোৱা অজয় দেৱগনৰ গোলমাল এগেইন ছবিখন আছিল আটাইতকৈ অধিক উপাৰ্জন কৰা ছবি,গোলমাল এগেইনে ভাৰতত উপাৰ্জন কৰে ২০৫.৬৯ কোটি টকা ৷

অজয় দেৱগনৰ ১০০ কোটি উপাৰ্জনৰ ঘৰ অতিক্ৰম কৰা ছবিসমূহ হৈছে গোলমাল ৩ উপাৰ্জন কৰে ১০৬.৩৪ কোটি টকা,ছবিখনে মুক্তি লাভ কৰে ২০১০ চনৰ ৫ নৱেম্বৰ, ২০১১ চনৰ ২০ জুলাইত মুক্তি লাভ কৰা সিংঘম ছবিখনে উপাৰ্জন কৰে ১০০.৩০ কোটি টকা,২০১২ চনৰ ৬ জুলাইত মুক্তি লাভ কৰা বোল বচ্চনে উপাৰ্জন কৰে ১০২.৯৪ কোটি,২০১২ চনৰ ১৩ নৱেম্বৰত মুক্তি লাভ কৰা চন অফ চৰ্দাৰ ছবিখনে উপাৰ্জন কৰে ১০৫.০৩ কোটি টকা,২০১৪ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা সিংঘম ৰিটাৰ্নছে উপাৰ্জন কৰে ১৪০.৬২ কোটি টকা,২০১৬ চনৰ ২৮ অক্টোবৰত মুক্তি লাভ কৰা শিৱায় ছবিখনে উপাৰ্জন কৰে ১০০.৩৩ কোটি টকা ৷২০১৭ চনৰ ২০ অক্টোবৰত মুক্তি লাভ কৰা গোলমাল এগেইনে উপাৰ্জন কৰে ২০৫.৬৯ কোটি টকা,২০১৮ চনত মুক্তি লাভ কৰা ছবি ৰেইডে উপাৰ্জন কৰে ১০৩.০৭ কোটি টকা ৷

অন্যহাতে ছবিখনৰ আন এগৰাকী অভিনেতা ৰিতেশ দেশমুখৰ ১০০ কোটি উপাৰ্জন কৰা ছবি সমূহৰ ভিতৰত ট’টেল ধামল হৈছে পাঁছ নম্বৰ ছবি ৷আশা কৰা হৈছে ট’টেল ধামাল ৰিতেশ দেশমুখৰ সকলোতকৈ বেছি উপাৰ্জন কৰা ছবি হিছাপে নিৰ্বাচিত হ’ব ৷ ৰিতেশ দেশমুখৰ ১০০ কোটি অতিক্ৰম কৰা ছবি সমূহৰ ভিতৰত ২০১২ চনৰ ৫ এপ্ৰিলত মুক্তি পোৱা হাউছফুল ২ য়ে উপাৰ্জন কৰে ১০৬ কোটি টকা,২০১৩ চনৰ ১৩ চেপ্তেম্বৰত মুক্তি পোৱা গ্ৰেণ্ড মস্তীয়ে উপাৰ্জন কৰে ১০২ কোটি,২০১৪ চনৰ ২৭ জুনত মুক্তি পোৱা এক ভিলেইনে উপাৰ্জন কৰে ১০৫.৬২ কোটি টকা আৰু ২০১৬ চনত মুক্তি পোৱা হাউছফুল ৩ য়ে উপাৰ্জন কৰে ১০৯.১৪ কোটি টকা ৷

অন্যহাতে ,অনিল কাপুৰ আৰু আৰশ্বাদ ৱাৰছীৰ ১০০ কোটিৰ উপাৰ্জন কৰা ট’টেল ধামাল হ’ব তিনি নম্বৰ ছবি ৷অনিল কাপুৰৰ অভিনীত ছবি ৰেছ ২ আৰু ৰেছ ৩ য়ে ১০০ কোটিতকৈ অধিক উপাৰ্জন কৰে ৷ৰেছ ৩ য়ে উপাৰ্জন কৰে ১৬৬.৪০ কোটি টকা ৷ইফালে আৰ্শ্বাদ ৱাৰ্চী গোলমাল ৩ আৰু গোলমাল এগেইনে ১০০ কোটিতকৈ অধিক উপাৰ্জন কৰে ৷উল্লেখ্য যে,১০০ টকা উপাৰ্জন কৰা ট’টেল ধামাল ছবিখন হৈছে মাধুৰী দীক্ষিতৰ প্ৰথম ছবি ৷ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ অভানীত "য়্যে জৱানী হ্যে দিৱানী"য়ে উপাৰ্জন কৰিছিল ১৮৮.৫৭ কোটি টকা ৷কিন্তু এই ছবিখনত মাধুৰীয়ে এটি গীততহে অভিনয় কৰিছিল। মাধুৰীৰ অন্য এখন ছবি হম আপকে হ্যে কৌন ছবিখনে উপাৰ্জন কৰে ৭২.৪৭ কোটি টকা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com