
বলীউডৰ জনপ্ৰিয় অভিনেতা সকলৰ ভিতৰত অন্যতম হৈছে উৰিৰ অভিনেতা বিক্কী কৌশল ৷ বিক্কী কৌশলৰ বলীউডত নতুন প্ৰজেক্ট সমূহৰ সমান্তৰালকৈ চৰ্চা লাভ কৰিছে লভ লাইভে ৷ কাৰণ প্ৰায় সংখ্যক যুৱতীৰ সপোন কোৱঁৰ বিক্কী কৌশল । ছ’চিয়েল মিডায়াত প্ৰকাশ পাইছিল যে বিক্কী কৌশল আৰু গাৰ্ল ফেণ্ড হৰলীন চেটীৰ মাজত প্ৰেমৰ সম্পৰ্ক অভিনেত্ৰী কেটৰীনা কাইফৰ কাৰণে ভাগিছে বুলি বলীউডত গুজৱ ওলাইছে ৷
অলপতে এক সাক্ষাৎকাৰত বিক্কী কৌশলে কয় নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। কিন্তু অতি সাৱলীল ভাৱে বিক্কী কৌশলে কয় যে দৰ্শকৰ লগত মিংগল হ’বলৈ বিক্কী কৌশল সাজু হৈছে ৷ গতিকে সম্প্ৰতি এই কথাষাৰেই প্ৰমাণ কৰিছে যে বিক্কী কৌশল সম্প্ৰতি চিংগল হৈ আছে। বিক্কী কৌশল আৰু হৰলীন সম্প্ৰতি একেলগে নাই ৷ ইফালে বিক্কী কৌশলে উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ ছবিৰ জৰিয়তে দৰ্শকৰ আকৃষ্ট কৰিবলৈ সক্ষম হয় । ছবিখনত মোহিত ৰেনা, য়ামী গৌতমে অভিনয় কৰিছিল ৷
উৰি অভিনেতা বিক্কী কৌশল যুৱতী সকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ইফালে কিছুদিনৰ আগতে এগৰাকী অনুৰাগীয়ে বিক্কী কৌশলৰ গাৰ্ল ফেণ্ড হাৰলীন সেঠীৰ সম্পৰ্কত ঈৰ্ষা কৰাৰ কথা কয় ৷ সেই সময়তে অভিনেতা বিক্কী কৌশলে হাঁহি কয় যে ঈৰ্ষা নকৰিবা ৷ অৱশ্যে বিক্কী কৌশলে হাৰলীন সেঠীৰ সম্পৰ্কত কোনো মন্তব্য নকৰিলে যদিও কয় যে কাৰোবাৰ মুখত হাঁহি বিয়পাবৰ কাৰণে কেৱল সুখী হ’ব লাগে ৷
ইফালে এইবাৰ জি চিনে এৱাৰ্ড অনুষ্ঠান ত হোষ্ট কৰিছে নৱ প্ৰজন্মৰ দুজন জনপ্ৰিয় অভিনেতা ৱিকী কৌশল আৰু কাৰ্তিক আয়ানে ৷ ৱিকী আৰু কাৰ্তিকে জি চিনে এৱাৰ্ড মঞ্চত বাৰুকৈয়ে সকলোকে মোহিত কৰে। এক তথ্য অনুসৰি জি চিনে এৱাৰ্ড অনুষ্ঠানত দীপিকা পাডুকনক ছুপাৰ হিট ছবি উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক অভিনেতা বিকী কৌশলে বাৰে বাৰে “ভাবী” বুলি সম্বোন্ধিত কৰে ৷ কিন্তু দীপিকা পাডুকনে বিকীৰ এই সম্বোধনক ভাল নালাগিল ৷ আৰু সেয়েহে দীপিকাই লগে লগে বিকী কৌশলক কয় যে তেওঁক যেন ভাবী বুলি সম্বোধিত নকৰে ৷
উল্লেখ্য যে দীপিকা পাডুকন আৰু বিকে কৌশল ভাল বন্ধুও ৷ ২০১৭ চনত মুক্তি লাভ কৰা সঞ্জয় লীলা ভাঞ্চলীৰ ছবি “পদ্মাৱত”ত ৰতন সিঙৰ চৰিত্ৰৰ কাৰণে ভাঞ্চালীয়ে বিক্কী কৌশলক চুক্তি বদ্ধ কৰিছিল ৷ কিন্তু দীপিকা পাডুকনে সঞ্জয় লীলা ভাঞ্চালীক কয় যে ৰতন সিঙৰ এই চৰিত্ৰটোৰ কাৰণে কোনো জনপ্ৰিয় অভিনেতাক চুক্তি বদ্ধ কৰাব লাগে ৷আৰু ইয়াৰ পিছত পদ্মাৱত ছবিখনত জনপ্ৰিয় ছবিখনত ছাহিদ কাপুৰক চুক্তি বদ্ধ কৰায় ৷
অন্যহাতে, বিক্কী কৌশলে সঞ্জু,ৰাজী আৰু উৰি দ্য চাৰ্জিকেল ষ্টাইকৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিয়ে ৷ এই ছবিসমূহৰ পিছব বিক্কী কৌশলৰ বলীউডৰ ছুপাৰহিট অভিনেতা সকলৰ তালিকাত স্থান লাভ কৰে ৷ সম্প্ৰতি বিক্কী কৌশল বলীউডৰ প্ৰসিদ্ধ পৰিচালক আৰু প্ৰযোজক সকলে তেওঁলোকৰ ছুপাৰহিট ছবিসমূহত চুক্তি কৰাব বিচাৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন